NORTHEAST NOW (Assamese)
অসম

তিনি মাহত প্ৰথমবাৰৰ বাবে ৪৭ হাজাৰতকৈ কম লোক ক’ৰ’নাত আক্ৰান্ত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ October 20, 2020 12:46 pm
তিনি মাহত প্ৰথমবাৰৰ বাবে ৪৭ হাজাৰতকৈ কম লোক ক’ৰ’নাত আক্ৰান্ত

যোৱা ২৪ ঘণ্টাত ৪৬,৭৯০ গৰাকী নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হোৱাত দেশত এতিয়া মুঠ আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিলে ৭৫.৯৭ লাখৰ ঘৰ।

সোমবাৰৰ দিনটোত ৬৯,৭২০ গৰাকী ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে। এতিয়ালৈকে মুঠ আক্ৰান্তৰ ৬৭.৩৩ লাখ লোক ক’ৰ’নাৰ পৰা মুক্ত হৈছে।

সংক্ৰমণৰ তুলনাত আৰোগ্য লাভৰ সংখ্য বৃদ্ধি পোৱাত দেশত এতিয়া ৭,৪৮,৫৩৮ গৰাকী সক্ৰিয় ৰোগী আছে।

ইফালে যোৱা ২৪ ঘণ্টাত ৫৮৭ গৰাকীয়ে প্ৰাণ হেৰুৱাইছে। ক’ৰ’নাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধি পাই হ’লগৈ ১,১৫,১৯৭।

উল্লেখ্য যে, স্বাস্থ্য মন্ত্ৰ্যালয়ে জনোৱা অনুসৰি দেশত আৰোগ্যৰ হাৰ ৮৮.৬৩ শতাংশ, সক্ৰিয় ৰোগীৰ হাৰ ৯.৮৫ শতাংশ আৰু মৃত্যুৰ হাৰ ১.৫১ শতাংশ।

ইফালে ক’ৰ’না ভাইৰাছে অধিক প্ৰভাৱিত কৰা মহাৰাষ্ট্ৰত যোৱা ২৪ ঘণ্টাত ১২৫ গৰাকীৰ মৃত্যু হোৱাৰ ফলত মুঠ মৃতকৰ সংখ্যা ৪২,২৪০লৈ বৃদ্ধি পালে।

মহাৰাষ্ট্ৰত বৰ্তমান ১.৭৪ লাখ সক্ৰিয় ৰোগী থকাৰ বিপৰীতে ক’ৰ’নাৰ পৰা আৰোগ্য লাভ কৰিছে ১৩.৮৪ লাখৰো অধিক লোকে।