NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত ১৬০০ ৰ দিশে ক’ৰ’না ৰোগীৰ সংখ্যা; মঙলবাৰে আক্ৰান্ত ৭৬ গৰাকী লোক

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া June 3, 2020 6:42 am

ৰাজ্যত ১৫৬১ লৈ বৃদ্ধি ক’ৰ’না আক্ৰান্ত ৰোগীৰ সংখ্যা।

নিশা ৪৮ গৰাকী লোকৰ দেহত ধৰা পৰিছে ক’ভিড-১৯ ৰ উপস্থিতি।

ইয়াৰে ১৩ গৰাকী বিশ্বনাথ, ৯ গৰাকী পশ্চিম কাৰ্বি আংলং, ৭ গৰাকী কৰিমগঞ্জ, ৫ গৰাকী শিৱসাগৰ, ৪ গৰাকী হোজাই আৰু এগৰাকী কাছাৰৰ।

বৰ্তমান ১২১৭ গৰাকী লোক এই ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে আৰু ৩৩৭ জনক চিকিৎসালয়ৰ পৰা মুক্তি দিয়া হৈছে ৷

এতিয়ালৈ চাৰিগৰাকী মৃত্যু মুখত পৰিছে ৷

টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড়০ হিমন্ত বিশ্ব শৰ্মাই।

মঙলবাৰৰ সন্ধিয়া ২৮ গৰাকী লোকৰ দেহত পোৱা গৈছিল এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি।

ইয়াৰে ১২ গৰাকী নগাঁও, ১০ গৰাকী গোলাঘাট, এগৰাকী যোৰহাট আৰু পাঁচ গৰাকী বিমান যাত্ৰী।

সোমবাৰৰ দিনটোত ১৪৬ গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছিল।

যোৱা ৩০ মে’ৰ দিনা ১৫৯ গৰাকী লোক আক্ৰান্ত হৈছিল।

২৯ মে’ত ১৭৭ গৰাকী আক্ৰান্ত হৈছিল ক’ৰ’না ভাইৰাছত।

ৰাজ্যত এসপ্তাহৰ ভিতৰত সাত শতাধিক লোক ক’ভিড-১৯ ত আক্ৰান্ত হৈছে।

উল্লেখযোগ্য যে, যোৱা ১৩ মে’ৰ পৰা আজিলৈকে মুঠ ১৪৮০ গৰাকী লোক আক্ৰান্ত হৈছে এই মাৰাত্মক কোভিড-১৯ত।