NORTHEAST NOW (Assamese)
অসম

৮ ফেব্ৰুৱাৰিত গুৱাহাটীৰ জি আই এম টিত বৃহৎ নিয়োগ মেলাৰ আয়োজন

Posted by: এন ই নাও নিউজ February 7, 2019 3:16 pm

ৰাজ্যত নিবনুৱা সমস্যাই গুৰুতৰ ৰূপ ধাৰণ কৰাৰ সময়তে নিবনুৱা সকলৰ বাবে এক সুখবৰ। কাৰিকৰী প্ৰশিক্ষণ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰী আৰু ইতিমধ্যে কাৰিকৰী শিক্ষা সম্পূৰ্ণ কৰি নিয়োগৰ সুবিধা বিচাৰি থকা প্ৰাৰ্থীসকলক সঠিক নিয়োগ প্ৰদান কৰাৰ লক্ষ্যৰে জি আই এম টি গুৱাহাটীয়ে ইয়াৰ আজাৰাস্থিত চৌহদত আয়োজন কৰিছে এক বিশাল নিয়োগ মেলা। ৮ ফেব্ৰুৱাৰিত গুৱাহাটীৰ গিৰিজানন্দ চৌধুৰী ইষ্টিটিউট অফ মেনেজমেন্ট এণ্ড টেকন’লজীত অনুষ্ঠিত হ’ব এই নিয়োগ মেলাখন।

এই নিয়োগ মেলাখন কৰ্মসংস্থান বৃদ্ধি প্ৰশিক্ষণ কাৰ্য্যক্ৰম আৰু ২০১৯ চনত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ বাবেহে প্ৰযোজ্য হ’ব। যিসকল প্ৰাৰ্থীয়ে ব্যাৱসায় সহায়কাৰী (ইমেইল সহায়ক/প্ৰতিষ্ঠান সহায়ক ইত্যাদি), প্ৰশিক্ষণ প্ৰাপ্ত সহায়কাৰী, গ্ৰাহক সম্পৰ্কৰক্ষী বিষয়া(ঘৰুৱা পৰ্য্যায়ত), গ্ৰাহক সহায়কাৰী বিষয়া(আন্ত:ৰাষ্ট্ৰীয় পৰ্য্যায়ত) আৰু প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য তথ্য বিশ্লেষক হিচাপে নিজৰ কেৰিয়াৰ গঢ়িব বিচাৰে সেইসকলে এই নিয়োগ মেলাত অংশগ্ৰহণ কৰিব পাৰিব। নিয়োগ মেলাখনৰ প্ৰচাৰত উল্লেখ কৰা অনুসৰি যিসকল প্ৰাৰ্থীয়ে ব্যাৱসায় সহায়কাৰী(ইমেইল সহায়ক) হিচাপে কেৰিয়াৰ গঢ়িব বিচাৰে তেওঁলোক ন্যূনতম স্নাতক ডিগ্ৰীধাৰী হ’ব লাগিব আৰু উপযুক্ত প্ৰাৰ্থীক সাক্ষাতকাৰৰ জৰিয়তে বাচনি কৰা হ’ব।

আনহাতে প্ৰশিক্ষণপ্ৰাপ্ত সহায়কাৰী আৰু প্ৰতিষ্ঠান সহায়কাৰী হিচাপে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল যিকোনো বিষয়ত স্নাতক ডিগ্ৰীধাৰী হ’লে হ’ব আৰু সাক্ষাতকাৰৰ ভিত্তিত বাচনি কৰা হব। গ্ৰাহক সম্পৰ্ক ৰক্ষী বিষয়া(ঘৰুৱা পৰ্য্যায়)ত আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল বি ই অথবা বি টেক(ই ই ই/ই চি ই/চি এচ/ই আই ই)ডিগ্ৰীধাৰী হ’ব লাগিব। উপযুক্ত প্ৰাৰ্থীসকলক অনলাইন পৰীক্ষা আৰু গ্ৰুপ ডিছকাশ্যনৰ মাধ্যমেৰে নিয়োগ কৰা হ’ব। প্ৰশিক্ষণপ্ৰাপ্ত স্বাস্থ্য তথ্য বিশ্লেষক হিচাপে আবেদন কৰিব বিচৰা প্ৰাৰ্থীসকল স্বাস্থ্য আৰু ফাৰমাচিউটিকেল বিষয়ত ডিপ্লমাধাৰী হ’ব লাগিব।

নিয়োগ মেলাখনত অংশগ্ৰহণ কৰিব বিচৰা প্ৰাৰ্থীসকলে শেহতীয়া বায়’ডাটা, চৰকাৰী আইডি প্ৰুফ/আধাৰ কাৰ্ড আৰু ৫ কপি পাছপোৰ্ট আৰ্হিৰ ফটো লগত লৈ আহিব লাগিব। প্ৰাৰ্থী সকলে eetp.ictacademy.in গৈ নিজৰ নাম পঞ্জীয়ন কৰিব পাৰিব অথবা অধিক তথ্যৰ বাবে  ৭০৮৬০ ৬৫৫২৫, ৭০০২৫ ৯১৮৫৯ আৰু ৯৫০০১ ৩২৭৯৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।