NORTHEAST NOW (Assamese)
অসম

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ; নিহত সংখ্যা ১১০লৈ বৃদ্ধি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 4:45 pm
Japanese Encephilities

ৰাজ্যত জাপানীজ এনকেফেলাইটিছৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ১১০জনলৈ বৃদ্ধি পালে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ দৈনিক প্ৰতিবেদনত ২২ জুলাইলৈকে ইমান সংখ্যক লোকৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।

আনহাতে যোৱা ২৪ ঘণ্টালৈকে ৰাজ্যখনত পোহৰলৈ আহিছে মুঠ ৪৭৭ টা জাপানীজ এনকেফেলাইটিছৰ ঘটনা।

ৰাজ্যৰ চৰকাৰ তথা স্বাস্থ্য বিভাগে বিষয়টো গুৰুত্ব সহকাৰে লৈ বিভিন্ন ব্যৱস্থা হাতত লৈছে বুলি কৈ আহিছে যদিও এইপৰ্যন্ত ইয়াক ৰোধ কৰিব নোৱাৰাটো উদ্বেগজনক।

স্বাস্থ্য বিভাগৰ মতে ৰাজ্যৰ প্ৰত্যেকখন জিলা হস্পিতাল আৰু চিকিৎসা মহাবিদ্যালয়ত জাপানিজ এনকেফেলাইটিছ আৰু এক্যুট এনকেফেলাইটিছৰ লক্ষণ থকা ৰোগীসকলৰ বাবে পৃথক বিছনাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ উপৰি জাপানিজ এনকেফেলাইটিছৰ বিৰুদ্ধে যুঁজিবলৈ ৰাজ্যৰ বিভিন্ন স্থানত চৰকাৰে কেইবাটাও জৰুৰীকালীন সেৱা কেন্দ্ৰ আৰু পৰিস্থিতি নজৰত ৰখাৰ উদ্দেশ্যে কেন্দ্ৰীয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। নিয়ন্ত্ৰণ কক্ষ যোগাযোগ নম্বৰ হৈছে – ৬৯১৩৩৪৭৭৭০/১/২/৩।

জাপানীজ এনকেফেলাইটিছৰ ফলত প্ৰতিদিনে এজনকৈ লোকে মৃত্যুমুখত পৰা ঘটনাই স্বাভাৱিকতে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিফলতাৰ প্ৰকৃত ছবি উদঙাই দিছে।