NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

য়েমেনৰ উপকূলত শোকাবহ ঘটনা; নাও ডুবাৰ ফলত ৪৫ জনৰ সলিল সমাধি, নিখোঁজ ১৪০ জন

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 12, 2024 9:26 am

মঙলবাৰে ৰাষ্ট্ৰসংঘই জনোৱা মতে, য়েমেনৰ উপকূলত প্ৰব্ৰজনকাৰী কঢ়িয়াই অনা এখন নাও ডুব যোৱাৰ ফলত কমেও ৪৯ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন ১৪০ জন লোক নিৰুদ্দিষ্ট হৈ পৰে।

আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন সংস্থাই এক বিবৃতিত জনোৱা মতে, এডেন উপসাগৰ পাৰ হৈ ৩২০ কিলোমিটাৰ (২০০ মাইল) দূৰত্বৰ যাত্ৰাত ছোমালিয়াৰ উত্তৰ উপকূলৰ পৰা প্ৰায় ২৬০ জন ছোমালি আৰু ইথিওপিয়ান লোকক কঢ়িয়াই অনা নাওখনে সোমবাৰে য়েমেনৰ দক্ষিণ উপকূলত পৰা ডুব যায়৷

বৰ্তমানলৈকে ৭১ জন লোকক উদ্ধাৰ কৰা হৈছে আৰু অনুসন্ধান অব্যাহত আছে বুলি গোটটোৱে জানিবলৈ দিয়ে, নিহতসকলৰ ভিতৰত ৩১ গৰাকী মহিলা আৰু ৬ গৰাকী শিশুও আছে।

পূব আফ্ৰিকা আৰু হৰ্ণ অৱ আফ্ৰিকাৰ পৰা কামৰ বাবে উপসাগৰীয় দেশসমূহত উপনীত হ’বলৈ চেষ্টা কৰা প্ৰব্ৰজনকাৰীসকলৰ বাবে য়েমেন এক প্ৰধান পথ। য়েমেনত প্ৰায় দশকজোৰা গৃহযুদ্ধ চলি থকাৰ পাছতো যোৱা মাহত আই অ’ এম-এ জনোৱা মতে, ২০২১ চনত প্ৰায় ২৭ হাজাৰৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ সংখ্যা যোৱা কিছু বছৰত তিনিগুণ বৃদ্ধি পাইছে। সংস্থাটোৱে জনোৱা মতে, বৰ্তমান য়েমেনত প্ৰায় ৩ লাখ ৮০ হাজাৰ প্ৰব্ৰজনকাৰী আছে।