NORTHEAST NOW (Assamese)
অসম

অসম কন্যা হিমা অবিহনেই পদক জয় মিক্সড ৰিলে ইভেণ্টত

Posted by: এন ই নাও নিউজ April 25, 2019 8:44 am
704360-hima-das

পিঠিৰ বিষৰ বাবে এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপৰ ৪০০ মিটাৰ দৌৰৰ পৰা অপ্ৰত্যাশিতভাৱে বাহিৰ হোৱা হিমাই প্ৰতিযোগিতাৰ ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টৰ ভাৰতৰ পদক বিজয়ী দলটোতো অংশ ল’বলৈ সক্ষম নহ’ল। হিমা অবিহনেই ভাৰতীয় দলটোৱে লাভ কৰে ৰূপৰ পদক।

আঘাতৰ সমস্যাৰ পৰা মুক্ত হৈ থাকিলে ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টত হিমা দাসে ভাৰতীয় দলত খেলাটো নিশ্চিত আছিল।

উল্লেখ্য যে যোৱা বছৰ জাকাৰ্টাত অনুষ্ঠিত হোৱা এছিয়ান গেইমছতো মিক্সড ৰিলে ইভেণ্টত ভাৰতে ৰূপৰ পদক পাইছিল আৰু উক্ত দলটোৰ অন্যতম সদস্য আছিল বিশ্ব জুনিয়ৰ চেম্পিয়ন অসম কন্যা হিমা দাস।

যোৱা ২১ এপ্ৰিলত প্ৰতিযোগিতাখনৰ ৪০০ মিটাৰ দৌৰৰ হিটছৰ মাজতে হিমা দাসে প্ৰচণ্ড পিঠিৰ বিষত ভোগে আৰু যাৰ ফলত স্প্ৰীণ্টাৰগৰাকীয়ে খেলৰ আধাতে ট্ৰেক এৰিব লগীয়া হৈছিল। ইয়াৰ বাবে মানসিকভাৱে কিছু হতাশগ্ৰস্তও হৈছিল হিমা।

কিন্তু হিমাৰ এই আঘাত চিকিৎসকে বিশেষ চিন্তনীয় নহয় বুলি কোৱাৰ লগতে দুই এদিনতে সুস্থ হৈ উঠিব বুলি জনাইছিল। চিকিৎসকৰ এই মন্তব্যৰ পাছতে ৪x৪০০ মিটাৰ মিক্সড ৰিলে ইভেণ্টত হিমাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি বহুতে আশা কৰিছিল যদিও সেয়া আঘাতৰ বাবে সম্ভৱ হৈ নুঠিল হিমাৰ বাবে।