NORTHEAST NOW (Assamese)

টীয়কত চুতীয়া জাতিৰ ৰাজনৈতিক অভিৱৰ্তন : ৭ টা সমষ্টিত স্বগোষ্ঠীয় লোকক প্ৰাৰ্থীত্ব দিয়াৰ দাবী

November 8, 2020 6:18 pm · নীৰ্মলেন্দু পাঠক

সকলো ৰাজনৈতিক দলকে ৰাজ্যৰ চুতীয়া অধ্যুষিত সোতৰটা সমষ্টিৰ পাঁচটাত চুতীয়া জাতিৰ প্ৰাৰ্থী প্ৰদানৰ দাবী জনাইছে চুতীয়া জাতি সন্মিলনীয়ে।

টীয়কত অনুষ্ঠিত চুতীয়া জাতিৰ ৰাজনৈতিক অভিবৰ্তনত এই দাবী কৰিছে সন্মিলনীৰ নেতৃত্বই।

অন্যথা নিৰ্দলীয় প্ৰাৰ্থী থিয় কৰাব চুতীয়া জাতি সন্মিলনীয়ে l সদৌ চুতীয়া জাতি সন্মিলন অসমৰ যোৰহাট আৰু তিতাবৰ জিলাৰ যৌথ সহযোগত ৰাজ্যিক ৰাজনৈতিক জাগৰণ অভিবৰ্তন আজি টীয়কৰ কাকজান কৃষ্টি কেন্দ্ৰত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়।

উক্ত ৰাজনৈতিক জাগৰণ অভিবৰ্তন কাৰ্যসূচীত চুতীয়া জাতি সন্মিলনৰ প্ৰায় পাঁচ শতাধিক সদস্য-সদস্যা উপস্থিত থকা সভাখনত সচিব নৃপেন শইকীয়াই কয় যে ৰাষ্ট্ৰীয় আৰু আঞ্চলিক ৰাজনৈতিক দল সমূহে চুতীয়া সকলক ঘোৰ প্ৰতাৰণাৰ মাজেৰে কেৱল শোষণ হে কৰিছে।

চুতীয়া অধ্যুষিত যিসমূহ সমষ্টি আছে সেই সমূহতো চুতীয়া সকলৰ কোনো প্ৰতিনিধি বিধান সভাত নাই বুলি কৈ যদি পৰৱৰ্তী সময়ত তেওঁলোকৰ প্ৰতিনিধি নিদিয়ে তেন্তে নিৰ্দলীয় হিচাপে প্ৰাৰ্থী আগবঢ়াব বুলিও হুংকাৰ প্ৰদান কৰে।

Related News