NORTHEAST NOW (Assamese)
অসম

ক’ৰ’নাৰ সংক্ৰমণ বৃদ্ধি; পাঁচদিনীয়া ল’কডাউন ঘোষণা অৰুণাচলৰ বোমডিলাত

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 27, 2020 9:43 pm

বিগত সময়ছোৱাত বৰ্দ্ধিত ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনাৰ পাছতে অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা প্ৰশাসনে বোমডিলা আৰু ইয়াৰ পাৰ্শ্চৱৰ্তী অঞ্চলসমূহত পাঁচদিনীয়া ল’কডাউন ঘোষণা কৰে।

পশ্চিম কামেং জিলাৰ মুখ্য কাৰ্য্যালয় বমডিলা ইটানগৰৰ পৰা ২৭০ কিলোমিটাৰ দূৰত্বত অৱস্থিত।

পশ্চিম কামেং জিলাৰ জিলা উপায়ুক্তই জনোৱা মতে, বৃহস্পতিবাৰে দিনৰ ২ বজাৰ পৰা ৩১ আগষ্ট নিশালৈ বমডিলাত ল’কডাউন বাহাল থাকিব।

প্ৰতিদিনে ৩-৪ গৰাকী ক’ৰ’না প’জিটিভ ব্যক্তি চিনাক্ত হোৱাৰ পাছত জিলা প্ৰশাসনে বোমডিলাত ল’কডাউন ঘোষণা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে।

পশ্চিম কামেং জিলাত বৰ্তমান সময়ত ১৫১ গৰাকী সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে।

পশ্চিম কামেং জিলাতে অৰুণাচলৰ ভিতৰত সৰ্বাধিক সংখ্যক সক্ৰিয় কোভিড ৰোগী চিকিৎসাধীন হৈ আছে বুলি ৰাজ্যখনৰ স্বাস্থ্য বিভাগৰ তথ্যত প্ৰকাশ পাইছে।

ল’কডাউনৰ সময়ত চিকিৎসা আৰু অত্যাৱশ্যকীয় সামগ্ৰী পৰিবাহী বাহনৰ বাহিৰে অন্য সকলো ধৰণৰ যান-বাহনৰ চলাচল বন্ধ থাকিব বুলি জিলা প্ৰশাসনে নিৰ্দেশনা জাৰি কৰিছে।