NORTHEAST NOW (Assamese)
দেশ

মৰ্মান্তিক! এটা মেকুৰীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ প্ৰাণ হেৰুৱালে ৫ জন লোকে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 10, 2024 5:55 pm
5 dead in bid to save cat

মহাৰাষ্ট্ৰৰ আহমেদনগৰত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। এটা মেকুৰীৰ জীৱন ৰক্ষা কৰিবলৈ গৈ নিজৰ জীৱন হেৰুৱাবলগীয়া হৈছে পাঁচজন ব্যক্তিয়ে।

প্ৰকাশিত খবৰ অনুসৰি, এটা পৰিত্যক্ত কুঁৱাৰ পৰা মেকুৰী এটাক বচাবলৈ চেষ্টা কৰিছিল লোককেইজনে। মঙলবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা।

সংবাদ মাধ্যমৰ বাতৰি মতে, পৰিত্যক্ত কুঁৱাটো জৈৱগেছৰ গাঁত হিচাপে ব্যৱহাৰ কৰা হৈছিল।

আৰক্ষীৰ এগৰাকী জ্যেষ্ঠ বিষয়াই জানিবলৈ দিয়া মতে, মেকুৰীটোক উদ্ধাৰৰ বাবে পাঁচজন লোকে কুঁৱাটোত নামছিল।

আনহাতে কঁকালত ৰছী বান্ধি কুঁৱাটোৰ ভিতৰলৈ নমা আন এজন ব্যক্তিক আৰক্ষীয়ে উদ্ধাৰ কৰে।

পিছত তেওঁক চিকিৎসাৰ বাবে স্থানীয় এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

আৰক্ষীয়ে এই সন্দৰ্ভত তদন্ত অব্যাহত থকা বুলিও জানিবলৈ দিয়ে।