NORTHEAST NOW (Assamese)
অটো

ভাৰত এৰিলে প্ৰসিদ্ধ বিলাসী বাহন নিৰ্মাণকাৰী সংস্থা ফৰ্ডে; কেইবাহাজাৰ কৰ্মীয়ে হেৰুৱাব চাকৰি

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2021 4:57 pm
ford leave india final

ভাৰত এৰিলে বিখ্যাত মাৰ্কিন বিলাসী বাহন নিৰ্মাণকাৰী সংস্থা ফ’ৰ্ডে। বৃহস্পতিবাৰে সংস্থাটোৱে এটা বিবৃতিযোগে এই কথা জনাইছে।

সেই অনুসৰি ২০২২ চনৰ মাজভাগতে গুজৰাট আৰু তামিলনাডুত থকা সংস্থাটোৰ নিৰ্মাণ প্ৰকল্পসমূহ বন্ধ কৰি দিয়া হ’ব।

বিশ্বৰ আগশাৰীৰ বিলাসী বাহন নিৰ্মাণকাৰী সংস্থাটোৱে ভাৰত এৰি যোৱাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ ফলত সংস্থাটোত নিয়োজিত প্ৰায় চাৰি হেজাৰ কৰ্মীয়ে জীৱিকা হেৰুৱাব।

উল্লেখযোগ্য যে ফ’ৰ্ডে যোৱা ২৫ বছৰ ধৰি ভাৰতত বাহন নিৰ্মাণ কৰি আহিছে। দেশৰ অৰ্থনীতি উদাৰীকৰণ কৰাৰ পাছতে নব্বৈ দশকত ফ’ৰ্ডৰ নিৰ্মাণ প্ৰকল্পই ভাৰতত প্ৰৱেশ কৰিছিল।

ভাৰতীয় বজাৰৰ বাবে সংস্থাটোৱে পাঁচটা মডেলৰ বাহন নিৰ্মাণ কৰি আহিছে।

ভাৰত এৰি যোৱাক লৈ ফ’ৰ্ডৰ বিবৃতিটোত কোৱা হৈছে যে যোৱা দশকটোত ভাৰতত তেওঁলোকৰ ১.৫ বিলিয়ন ডলাৰ লোকচান হৈছে। চাহিদাৰ ক্ষেত্ৰতো তেওঁলোকে আশা কৰা মতে ভাৰতৰ বজাৰত সমাদৰ লাভ কৰা নাই।

তদুপৰি ভাৰত চৰকাৰৰ ওচৰত উচ্চ হাৰত কৰ ভৰিব লগা হোৱা বাবেও সংস্থাটোৱে এই সিদ্ধান্ত লৈছে বুলি অৰ্থনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।

ইয়াৰ পূৰ্বেও ২০১৭ চনতো আন এটা মাৰ্কিন সংস্থা জেনেৰেল মটৰছ, চমুকৈ জিএমে ভাৰতীয় বজাৰৰ বাবে বাহন নিৰ্মাণ বন্ধ কৰিছিল। তদুপৰি, যোৱা বৰ্ষতো হাৰ্লে ডেভিডছনে ভাৰতত নিৰ্মাণ বন্ধ কৰি দিছিল।

বিদেশী সংস্থাসমূহে এইদৰে ভাৰত এৰি যোৱাটো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ এক বৃহৎ ব্যৰ্থতা বুলি বিবেচনা কৰা হৈছে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত হোৱাৰ পাছৰে পৰা মোদীয়ে ‘মেক ইন ইণ্ডিয়া’ শ্লোগানেৰে বিদেশী সংস্থাসমূহক ভাৰতলৈ আমন্ত্ৰণ জনাই আহিছে।