NORTHEAST NOW (Assamese)
অসম

তালিবান শাসকৰ দাবী ‘মহিলাসকলৰ কাম সন্তান জন্ম দিয়া, তেওঁলোক মন্ত্ৰী হ’ব নোৱাৰে’

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ September 10, 2021 5:59 pm
613883554e3fe10bc0f60626

আফগানিস্তানত ইতিমধ্যে অন্তৰ্ৱৰ্তী চৰকাৰ ঘোষণা কৰা হৈছে। এই চৰকাৰত কোনো মহিলা সদস্য নাই। কেবল এদল মোল্লা আৰু মৌলবীৰে গঠন কৰা হৈছে চৰকাৰ। তাৰ মাজতেই তালিবানী শাসনত মহিলাৰ স্থান কেনে হ’ব তাক লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে।

ইয়াৰ মাজতে এগৰাকী তালিবানী মুখপাত্ৰই কৈছে যে এগৰাকী মহিলা মন্ত্ৰী হ’ব নোৱাৰে। সেইটো কৰিলে তেওঁৰ আপোনাৰ এনেকুৱা লাগিব যেন তেওঁৰ ডিঙিত এনে এটা বস্তু ওলোমাই দিছে যিটোৰ ভৰ তেওঁ সহ্য কৰিব পৰা নাই।

তালিবানৰ চৰকাৰত কোনো মহিলা নথকাৰ বিৰোধিতা কৰি দেশখনৰ বিভিন্ন চহৰত মহিলাসকলে প্ৰতিবাদ কৰা দেখা গৈছে।

তাৰ মাজতে তালিবানৰ মুখপাত্ৰ চৈয়দ জেক্ৰুল্লাহ হাছিমিয়ে কয়,’’কেবিনেটত মহিলাসকলৰ কোনো প্ৰয়োজন নাই। মহিলাসকলৰ কাম কেবল সন্তান জন্ম দিয়া।‘’

আনহাতে, এই প্ৰতিবাদ গোটেই দেশখনৰ মহিলাৰ প্ৰতিবাদ হ’ব নোৱাৰে বুলিও দাবী কৰে তালিবানী মুখপাত্ৰগৰাকীয়ে।

উল্লেখ্য যে কাবুল দখল কৰাৰ পাছত তালিবানে মহিলাসকলৰ অধিকাৰ প্ৰসংগত প্ৰতিশ্ৰুতি দি বহু ডাহৰ ডাঙৰ কথাও কৈছিল। সংবাদ মাধ্যমৰ স্বাধীনতা ৰক্ষা কৰিব বুলিও তেওঁলোকে দাবী কৰিছিল।

কিন্তু দিন যোৱাৰ লগে লগে আচল চৰিত্ৰ ওলাই পৰিছে তালিবানৰ। কাবুলৰ ৰাজপথত মহিলা প্ৰতিবাদকাৰীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিক নৃশংস আক্ৰমণৰ বলি হ’বলগা হৈছে। যোৱা এদিনতে দেশখনত ২৪জনতকৈয়ো অধিক সাংবাদিকক আটক কৰিছে তালিবানে।