NORTHEAST NOW (Assamese)
অসম

কৰ’নাৰ বাবে ভাৰতে দল নমাব নোৱাৰে খেলপথাৰত; ইংলেণ্ড-ভাৰতৰ পঞ্চমখন টেষ্ট বাতিল

Posted by: এন ই নাও নিউজ September 10, 2021 4:04 pm
Team India

বৃহস্পতিবাৰে নিশাৰ পৰাই চলি থকা আশংকাই অৱশেষত সত্য প্ৰমানিত হ’ল। বাতিল কৰা হৈছে অল্ড ট্ৰেফৰ্ডৰ পঞ্চমখন টেষ্ট। ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট বোৰ্ডে তেওঁলোকৰ টুইটাৰত এই খৱৰ জানিবলৈ দিছে।

ইংলেণ্ড ক্ৰিকেট বোৰ্ডে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে কৰ’নাৰ বাবে ভাৰতে খেল পথাৰত দল নমাব নোৱাৰাৰ বাবেই পঞ্চমখন টেষ্ট বাতিল কৰা হৈছে।

বিবৃতিটোত কোৱা হৈছে যে ভাৰতীয় শিৱিৰত নতুনকৈ কৰ’নাৰ সংক্ৰমণ তথা আশংকা বৃদ্ধি পোৱাৰ বাবে ভাৰতে দল নমাব পৰা নাই। আমি সমৰ্থকসকলৰ ওচৰত ইয়াৰ বাবে ক্ষমা বিচাৰিছো।

উল্লেখ্য যে আজিৰে পৰা ভাৰত আৰু ইংলেণ্ডৰ মাজৰ ৫খন টেষ্টৰ ছিৰিজৰ পঞ্চমখন তথা অন্তিমখন টেষ্ট আৰম্ভ হোৱাৰ কথা আছিল। কিন্তু কৰ’নাৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিচিচিআই আৰু ইচিবিয়ে সন্মিলিতভাৱে টেষ্টখন বাতিলৰ সিদ্ধান্ত লৈছে।

বৃহস্পতিবাৰে টীম ইণ্ডিয়াৰ জুনিয়ৰ ফিজিঅ’ যোগেশ পাৰমাৰৰ কোভিড টেষ্টৰ ৰিপ’ৰ্ট পজিটিভ আহে। তেতিয়াই আংশকাৰ সৃষ্টি হৈছিল যদিও ক্ৰিকেটাৰসকলৰ আৰটি পিচিআৰ টেষ্ট নিগেটিভ অহাৰ পাছত বিচিচিআইয়ে খেলখন হৈ যোৱাটো বিচাৰিছিল।

কিন্তু বিচিচিআইৰ বিষয়াসকলে ভাৰতীয় টীম মেনেজমেন্ট আৰু ইচিবিৰ সৈতে মাঞ্চেষ্টাৰ টেষ্ট খেলোৱাক লৈ আলোচনা হয়। কেইবালানিও আলোচনাৰ অন্তত টেষ্টখন বাতিল কৰাৰ সিদ্ধান্ত লোৱা হয়। এই টেষ্ট বাতিল হোৱাৰ ফলত ভাৰতে ছিৰিজটো ২-১ব্যৱধানত বিজয়ী হ’ল।

উল্লেখ্য যে অ’ভেল টেষ্ট চলি থকা সময়তে টীম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰী, বলিং  প্ৰশিক্ষক ভৰত অৰুণ আৰু ফিল্ডিং প্ৰশিক্ষক শ্ৰীধৰ কৰ’নাত আক্ৰান্ত হয়।