NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

ৰাছিয়া-ইউক্ৰেইন যুদ্ধ: ইউক্ৰেইনৰ ৰে’লৱে আন্ত:গাঁথনিত ৰাছিয়াৰ আক্ৰমণ; ৫ জনৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী April 26, 2022 5:59 pm
Russia-Ukraine war

দুমাহ অতিক্ৰম কৰা ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ মাজতে সোমবাৰে কেন্দ্ৰীয় ইউক্ৰেইন অঞ্চল ভিনিটচিয়াৰ ৰে’লৱে আন্তঃগাঁথনিৰ ওপৰত ৰাছিয়াৰ আক্ৰমণত কমেও পাঁচজন লোক নিহত হোৱাৰ লগতে ১৮ জন ব্যক্তি আহত হোৱাৰ খবৰ পোৱা গৈছে।

ইউক্ৰেইনৰ প্ৰচিকিউটৰ জেনেৰেলৰ কাৰ্যালয়ে ছ’চিয়েল মিডিয়াত এক বিবৃতিত কয় যে প্ৰাথমিক তথ্যমতে পাঁচজন লোকৰ মৃত্যু হৈছে আৰু ১৮ জন আহত হৈছে। বৰ্তমান উদ্ধাৰ অভিযান চলি আছে বুলিও কৰ্তৃপক্ষই উল্লেখ কৰে।

ৰাছিয়াৰ বাহিনীয়ে দুমাহধৰি চলি থকা সামৰিক আক্ৰমণৰ সময়ছোৱাত ইউক্ৰেইনৰ অসামৰিক আন্তঃগাঁথনিক লক্ষ্য কৰি লোৱা বুলি ব্যাপকভাৱে অভিযোগ উত্থাপিত হৈছে।

স্থানীয় কৰ্তৃপক্ষই অভিযোগ কৰিছে যে ৰাছিয়াৰ বাহিনীয়ে ঝামেৰিঙ্কা আৰু কোজিয়াটিন চহৰৰ ওচৰৰ পৰিবহন আন্তঃগাঁথনিত আক্ৰমণ কৰিবলৈ ৰকেট ব্যৱহাৰ কৰিছে।

ইউক্ৰেইন ৰে’লৱেৰ মুৰব্বী আলেকজেণ্ডাৰ কামিশিনে ইয়াৰ পূৰ্বে মস্কোৰ সেনাই ৰে’লৰ আন্তঃগাঁথনি প্ৰণালীবদ্ধভাৱে ধ্বংস কৰাৰ অভিযোগ উত্থাপন কৰিছিল।

“আজি পুৱা এঘণ্টাৰ ভিতৰতে মধ্য আৰু পশ্চিম ইউক্ৰেইনৰ পাঁচটা ৰে’ল ষ্টেচন আক্ৰমণৰ সন্মুখীন হৈছিল। এই আক্ৰমণৰ বাবে কমেও ১৬ খন যাত্ৰীবাহী ৰে’লৰ পৰিবহনত বিলম্ব হ’ব।” -এক বিবৃতিত তেওঁ কয়।

চলিত মাহৰ আৰম্ভণিতে ইউক্ৰেইনৰ পূব চহৰ ক্ৰামাটৰ্স্কত সাধাৰণ নাগৰিকৰ স্থানান্তৰৰ বাবে ব্যৱহৃত ৰেল ষ্টেচনত ৰাছিয়াৰ আক্ৰমণত কেইবাগৰাকীও লোক নিহত হৈছিল।