NORTHEAST NOW (Assamese)
অসম

গুজৰাটৰ বিধায়ক জিগনেছ মেৱানীক বিনাচৰ্তে মুক্তিৰ দাবীত বৰপেটাত যুৱ কংগ্ৰেছৰ প্ৰতিবাদ

Posted by: পুলেন্দ্ৰ দাস, বৰপেটা Updated by: পুলেন্দ্ৰ দাস, বৰপেটা April 26, 2022 5:28 pm
Protest against arrest of Jignesh Mevani

দুটাকৈ টুইটে ধুমুহাৰ সৃষ্টি কৰিছে বিজেপিৰ বৰঘৰত৷ গুজৰাটৰ দলিত নেতা তথা কংগ্ৰেছ সমৰ্থিত বিধায়ক জিগনেছ মেৱানীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে দুটিকৈ টুইট কৰাৰ পিছতেই জিগনেছ মেৱানীৰ বিৰুদ্ধে কঠোৰ হৈছে আৰক্ষী৷

জিগনেছ মেৱানীৰ বিৰুদ্ধে কোকৰাঝাৰত ৰুজু হোৱা গোচৰৰ পৰা জামিন লাভ কৰাৰ পিছতেই পুনৰ বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জিগনেশ মেৱানীক৷

কৰ্তব্যৰত মহিলা আৰক্ষীক অশালীন ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন কৰি বৰপেটা ৰোড আৰক্ষী চকীত গোচৰ ৰুজু কৰে বিধায়ক গৰাকীৰ বিৰুদ্ধে।

এই গোচৰৰ ওপৰত ভিত্তি কৰি সোমবাৰে সন্ধিয়া জিগনেছ মেৱানীক বৰপেটা সদৰ আৰক্ষী থানালৈ লৈ যোৱা হয়।

আজি জিগনেশ মেৱানীক বৰপেটা আদালতত হাজিৰ কৰোৱাৰ পিছতেই অসম প্ৰদেশ যুৱ কংগ্ৰেছে বৰপেটা আৱৰ্ত ভৱনৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।

এই প্ৰতিবাদত বৰপেটাৰ সাংসদ আব্দুল খালেকৰ লগতে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, বৰপেটাৰ বিধায়ক আব্দুৰ ৰহিম আহমেদ, সদৌ ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাস আদি নেতা উপস্থিত থাকি চৰকাৰৰ ভূমিকাক সমালোচনা কৰে।

আনহাতে আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰাৰ পিছতেই আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ পৰিস্থিতিৰ সৃষ্টি হয়৷

মহিলা কংগ্ৰেছ কৰ্মীক পুৰুষ আৰক্ষীয়ে টনা আজোৰা কৰাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷