NORTHEAST NOW (Assamese)
অসম

কা-বিৰোধী প্ৰতিবাদৰ গোচৰত অখিল গগৈৰ আইনী বিজয়

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী November 22, 2025 11:12 am

দীৰ্ঘদিনীয়া আইনী যুঁজৰ অন্তত ২০১৯ চনত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদৰ সৈতে জড়িত এক গোচৰত দোষমুক্ত হ’ল শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ নেতা অখিল গগৈ। যোৰহাটৰ আদালতে আৰক্ষীয়ে দাখিল কৰা সকলো অভিযোগ খাৰিজ কৰি শুকুৰবাৰে অখিল গগৈসহ আন তিনিজনক মুকলি কৰি দিয়ে।

যোৰহাটৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশ আদালতে এই ৰায়দান কৰিছে। ২০১৯ চনৰ ডিচেম্বৰ মাহত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত অখিল গগৈৰ লগতে মানশ কোঁৱৰ, লক্ষ্যজ্যোতি গগৈ, আৰু দিব্যজ্যোতি শৰ্মাক গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীয়ে তেওঁলোকৰ বিৰুদ্ধে পুৰণি ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত অভিযোগ উত্থাপন কৰিছিল, য’ত আছিল ১৪৫, ১৫১, ১৫৩, ১৫৭, ২৮৩, ২৯১, আৰু ২৯৪।

বছৰ বছৰ ধৰি আদালতে দুয়োপক্ষৰ পৰা শুনানি গ্ৰহণ কৰিছিল। আদালতত তেওঁলোক এই আন্দোলনত জড়িত থকাৰ কোনো প্ৰমাণ দিব নোৱাৰাত আটাইকেইজনক সকলো অভিযোগৰ পৰা মুক্ত কৰা হয়।

উল্লেখ্য যে অধিবক্তা হেমেন বৰা, সুদীপ্ত নয়ন গোস্বামী, ধ্ৰুবজ্যোতি বৰুৱা, আৰু বিশ্বজ্যোতি শইকীয়াই কোনো ধৰণৰ ধন নোখোৱাকৈয়ে গোচৰটো হাতত লৈছিল।

কাবিৰোধী বৃহৎ আন্দোলনৰ সময়ত চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ভুৱা অভিযোগ উত্থাপন কৰা বুলি প্ৰমাণ কৰাৰ বাবে বিধায়কগৰাকীয়ে অধিবক্তাসকলক ধন্যবাদ জনায়।

সাধাৰণ মানুহৰ অধিকাৰ আৰু প্ৰকৃত ন্যায়ৰ বাবে কৰা যুঁজত তেওঁৰ কাষত থিয় দিয়াৰ বাবেও বিধায়ক গৰাকীয়ে ৰাইজক প্ৰশংসা কৰে। তেওঁ লগতে কয় যে, “আপোনালোকৰ সমৰ্থনে মোক আগুৱাই লৈ গ’ল।”