NORTHEAST NOW (Assamese)
দেশ

ম্লান পৰিল বিবাহৰ আনন্দ! বিবাহযাত্ৰীৰ বাছত অগ্নিকাণ্ড, অগ্নিদগ্ধ হৈ মৃত্যু পাঁচজনৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 11, 2024 5:26 pm
5 killed as bus catches fire

উত্তৰ প্ৰদেশত আজি সংঘটিত হৈছে এক মৰ্মান্তিক কাণ্ড। এই ঘটনাই এখন বিবাহৰ আনন্দমুখৰ পৰিৱেশক শোকাকুল পৰিস্থিতিলৈ ৰূপান্তৰিত কৰিছে।

ৰাজ্যখনৰ গাজীপুৰ জিলাত আজি বিবাহযাত্ৰী কঢ়িয়াই নিয়া এখন চলন্ত বাছত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱাইছে পাঁচজন যাত্ৰীয়ে।

এই ঘটনাত লগতে বহু লোক আহত হয় বুলি জানিব পৰা গৈছে। প্ৰাথমিক তথ্য অনুসৰি বাছখন যাত্ৰাপথত হাই ভল্টেজ বিদ্যুৎ পৰিবাহী তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হয়।

বাছখনত প্ৰায় ৩০ জন যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। ঘটনাৰ পিছতে স্থানীয় লোকসকলে বাছখনৰ জুই নুমুৱাবলৈ আগবাঢ়ি আহে।

UP: Bus catches fire after touching high tension wire, several dead | India  News - Times of India

আনহাতে এই সন্দৰ্ভত খবৰ লাভ কৰাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী ঘটনাস্থলীত উপস্থিত হয় আৰু অগ্নি নিৰ্বাপনৰ লগতে উদ্ধাৰ অভিযান আৰম্ভ কৰে।

ইফালে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে স্থানীয় প্ৰশাসন্ৰ শীৰ্ষ বিষয়াসকলক তাৎক্ষণিকভাৱে দুৰ্ঘটনাস্থলীত উপস্থিত হৈ সাহায্য অভিযানৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে।

মুখ্যমন্ত্রী আদিত্যনাথে লগতে দুৰ্ঘটনাত নিহতসকলৰ পৰিয়ালক ৫ লাখ টকা আৰু আহতসকলক ৫০ হাজাৰ টকাকৈ ক্ষতিপূৰণ দিয়া হ’ব বুলিও ঘোষণা কৰিছে।