NORTHEAST NOW (Assamese)
অসম

অসমত বিদেশী কোম্পানীৰ বিনিয়োগ সম্পৰ্কত প্ৰধান মন্ত্ৰীৰে মুখ্য মন্ত্ৰী সোণোৱালৰ টেলিফোনিক বাৰ্তালাপ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2020 9:04 pm

কোভিড-১৯ৰ ফলত ৰাজ্যৰ উদ্যোগ খণ্ডলৈ নামি অহা প্ৰত্যাহ্বান আৰু উদ্যোগ খণ্ডক পুনৰুজ্জীৱিতকৰণৰ দিশ সমূহ আলোচনাৰ বাবে আজি অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ৰাজ্যৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত ৰাজ্যৰ  উদ্যোগ খণ্ডৰ লগত জড়িত বিভিন্ন সংগঠনৰ প্ৰতিনিধিসকলৰ সৈতে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক বৈঠকত মিলিত হোৱাৰ লগতে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে মত-বিনিময় কৰে।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে, ক’ভিড-১৯ৰ ফলত ৰাজ্যৰ অৰ্থনৈতিক ক্ষেত্ৰলৈ যথেষ্ট প্ৰত্যাহ্বান নামি আহিছে বুলি উল্লেখ কৰি প্ৰত্যাহ্বান যিমানেই প্ৰৱল হয়, পদক্ষেপো সিমানেই অভিনৱ হ’ব লাগিব বুলি কয়।

মুখ্য মন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যিক মুঠ ঘৰুৱা  উৎপাদনত ৰাজ্যৰ উদ্যোগ খণ্ডই ৩৯ শতাংশ অৰিহণা আগবঢ়ায়। ৪ লাখ লোকক এই খণ্ডই প্ৰতেক্ষ্য নিয়োগৰ সুবিধা সৃষ্টি কৰাৰ উপৰি পৰোক্ষভাৱে ২০ লাখ লোকৰ পৰোক্ষ নিয়োগ সম্ভৱ কৰি তুলিছে।

সোণোৱালে কয় যে, ঔদ্যোগিক সংগঠনৰ সৈতে হোৱা আজিৰ আলোচনাই ৰাজ্য চৰকাৰৰ মনোবল বৃদ্ধি কৰিছে। দেশৰ ১৩০ কোটি জনসাধাৰণৰ সন্মুখত আমি ৩ কোটি ৩০ লাখ জনসাধাৰণে টীম অসমৰ মানিকতাৰে অৰ্থনৈতিক গতি ত্বৰান্বিত কৰিব লাগিব।

মুখ্য মন্ত্ৰীয়ে কয় যে বহু বিদেশী কোম্পানীয়ে ভাৰতত বিনিয়োগ কৰিব বিচাৰিছে। অসমকো এই ক্ষেত্ৰত উৎসাহিত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰাৰ উপৰি তেওঁ ব্যক্তিগতভাৱেও প্ৰধান মন্ত্ৰীৰ সৈতে কথা পাতিছে বুলি উল্লেখ কৰি প্ৰধান মন্ত্ৰীয়ে এই ক্ষেত্ৰত ইতিবাচক সঁহাৰি জনাইছে বুলি কয়।

ইয়াৰ বাবে অৱশ্যে উপযুক্ত আন্তঃগাঁথনি, বিনিয়োগ নীতি আদি গঢ়ি তোলাৰ বাবে সংকল্প ল’ব লাগিব বুলিও সোণোৱালে কয়।