NORTHEAST NOW (Assamese)
Uncategorized

গুৱাহাটীক ৰেড জ’ন ঘোষণা কৰা বুলি প্ৰচাৰিত বাতৰিক মিছা আখ্যা প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 11, 2020 9:21 pm
গুৱাহাটীক ৰেড জ’ন ঘোষণা কৰা বুলি প্ৰচাৰিত বাতৰিক মিছা আখ্যা প্ৰেছ ইনফৰমেশ্যন ব্যুৰোৰ

কিছু সংখ্যক সংবাদ মাধ্যমত গুৱাহাটীক ৰেড জ’ন হিচাপে ঘোষণা কৰা বুলি প্ৰচাৰিত বাতৰিটো প্ৰকৃততে সত্য নহয়।

প্ৰেছ ইনফৰমেশ্যন ব্যুৰো ইন অসমৰ বিভাগীয় টুইটাৰত হেণ্ডলত গুৱাহাটীক ৰেড জ’ন ঘোষণা কৰা নাই বুলি স্পষ্টীকৰণ দিয়ে।

আনহাতে, কিছুসংখ্যক সংবাদ মাধ্যমত গুৱাহাটীক ৰেড জ’ন হিচাপে ঘোষণা কৰা বাতৰিটোক প্ৰেছ ইনফৰমেশ্যন ব্যুৰোই মিছা আখ্যা দিয়ে।

একাংশ ডিজিটেল সংবাদ মাধ্যমত গুৱাহাটীক ক’ৰ’না সংক্ৰমণৰ ঘটনা বৃদ্ধি পোৱা বাবে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে  ৰেড জ’ন হিচাপে ঘোষণা কৰা বুলি ভিত্তিহীন বাতৰি প্ৰচাৰ কৰিছিল।

ভূৱা বাতৰি প্ৰচাৰ কৰা ডিজিটেল সংবাদ মাধ্যম কেইটাই এই সম্পৰ্কত অসমৰ মুখ্য সচিৱৰ ওচৰলৈও যোৱা বুলি উল্লেখ কৰিছিল।

সংবাদ মাধ্যম কেইটাই অসমৰ মুখ্য সচিৱে কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ৰ বৈঠকত গুৱাহাটীক ৰেড জ’ন হিচাপে ঘোষণা কৰা বুলি নিশ্চিত কৰা বুলি কৈছিল।

উল্লেখযোগ্য যে, ক’ৰ’নাৰ সংক্ৰমণৰ বাবে ল’কডাউন ঘোষণা কৰাৰ সময়ত বিভিন্ন মাধ্যমত ভালেমান মিছা আৰু ভিত্তিহীন বাতৰি প্ৰচাৰিত হৈ আহিছে যাৰ বাবে বিভিন্ন সময়ত চৰকাৰ তথা প্ৰশাসন অসুবিধাত পৰিবলগীয়া হৈছে।