NORTHEAST NOW (Assamese)
অসম

শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা, দিখৌ নৈত গাড়ীসহ একে পৰিয়ালৰ ৫জন

Posted by: পাৰ্শ্বজ্যোতি গগৈ September 1, 2018 11:21 pm
শিৱসাগৰত ভয়ংকৰ দুৰ্ঘটনা, দিখৌ নৈত গাড়ীসহ একে পৰিয়ালৰ ৫জন

শিৱসাগৰৰ দিখৌমুখ ন-দিছিয়ালত দিখৌ নৈত শনিবাৰে সন্ধিয়া সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত গাড়ীসহ ডুব গৈছে একেটা পৰিয়ালৰ ৫জনকৈ সদস্য।

মথাউৰিৰ পৰা বাগৰি গাড়ীসহ দিখৌ নৈত বুৰ যোৱা হৰেন বৰা (৫২ বছৰীয়া)ৰ পত্নী ফুনু বৰা (৪৮), জী চিম্পী বৰা (২১) আৰু মুনমী বৰা আৰু মাতৃ পণৌ বৰা (৮৬ বছৰীয়া)ক যোৱা প্ৰায় ৬ ঘণ্টা ধৰি উদ্ধাৰ কৰিব নোৱৰাত আটাইকেইজনৰে মৃত্যু হৈছে বুলি সন্দেহ কৰা হৈছে।

এন ডি আৰ এয়ে উদ্ধাৰ অভিযান চলাই আছে যদিও কোনো শূংসুত্ৰ উলিয়াব পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৰ।
প্ৰত্যক্ষদৰ্শীৰ মতে শিৱসাগৰ দিখৌমুখ ন-দিছিয়ালত সন্ধিয়া ৬ মান বজাত বৰাৰ চুইফ ডিজায়াৰ গাড়ীখন নিয়ন্ত্ৰণ হেৰুৱাই মথাউৰিৰ পৰা দিখৌ নৈত পৰি যায়।

কৰ্মসূত্ৰে গুৱাহাটী বেলতলাৰ বাসিন্দা হৰেন বৰা বৃ্হস্পতিবাৰে পৰিয়ালসহ নিজা বাসগৃহ গৌৰীসাগৰৰ নকাটনিলৈ আহিছিল আৰু ঘৰৰ ওচৰৰ ন-দিছিয়ালত এখন দলঙত উঠিবলৈ লওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন দিখৌ নদীত পৰি যায়।

নদীৰ পানীত উটি যোৱা গাড়ীখনৰ হে’ড লাইট প্ৰায় ১০০ মিটাৰ মান যোৱালৈকে জ্বলি থকা দেখিছিল প্ৰত্যক্ষদৰ্শীয়ে।