NORTHEAST NOW (Assamese)

অসম: দিনটোত ৫ ক’ভিড আক্ৰান্তৰ মৃত্যু, মুঠ মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি

July 9, 2020 10:17 pm · কল্পজ্যোতি শইকীয়া

পাঁচগৰাকী ক’ভিড আক্ৰান্তই অসমত বৃহস্পতিবাৰে এইপৰ্য্যন্ত প্ৰাণ হেৰুৱাইছে, মুঠ মৃতকৰ সংখ্যা ২৭লৈ বৃদ্ধি পাইছে।

শেহতীয়াকৈ ভবেন গগৈ (৭২) নামৰ ক’ভিড ৰোগীগৰাকীৰ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যু হৈছে।

চিকিৎসালয়খনত ক’ভিড ৰোগীৰ মৃত্যুৰ এইটোৱে প্ৰথমটো ঘটনা।

মৃত গগৈ ক’ভিডৰ লগতে তেজৰ কৰ্কট ৰোগ লিম্ফ’মাত আক্ৰান্ত হৈ আছিল।

গুৱাহাটীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়তো দুগৰাকী ৰোগীৰ মৃত্যু ঘটিছে।

মৃত ধনেশ্বৰ শীল (৬৮) নামৰ ৰোগীগৰাকী হাওঁফাওঁ ৰোগ (ক্ৰনিক অবষ্ট্ৰাক্টিভ পাল্মনেৰি ডিজীজ) আৰু তাৰ্জুনা বেগম (৩৮) নামৰ ৰোগীগৰাকী মধুমেহ ৰোগত আক্ৰান্ত আছিল৷

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত এই তথ্য সদৰী কৰি মৃতকসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে।

বৃহস্পতিবাৰে দিনৰ ভাগত আন দুগৰাকী ক’ভিড ৰোগীয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিটেলত মৃত্যুক সাৱটি লৈছিল।

গুৱাহাটী বেলতলাৰ প্ৰসন্ন কুমাৰ হালৈ (৭০) আৰু কাৰ্বি আংলঙৰ  ৰামসিং হানছেই মৃত্যুক আঁকোৱালি লৈছিল।

দুয়োগৰাকীকে অতি জটিল অৱস্থাত GMCHৰ ভেন্টিলেশ্যনত ভৰ্তি কৰোৱা হৈছিল।

কালি সন্ধিয়া মণিকা ভূমিজ নামৰ শিৱসাগৰৰ যুৱতীগৰাকীয়ে যোৰহাট মেডিকেল কলেজৰ ICU ত মৃত্যুক আঁকোৱালি লৈছিল।

যুৱতীগৰাকী এনিমিয়া আৰু ছেপছিছ ৰোগত আক্ৰান্ত আছিল আৰু শিৱসাগৰৰ পৰা যোৰহাট মেডিকেল কলেজলৈ উন্নত চিকিৎসাৰ বাবে অনা হৈছিল।

কালিৰ দিনৰ ভাগত একেলগে পাঁচজনৰ মৃত্যু হোৱাৰ খবৰ আহিছিল।

গুৱাহাটী হেদায়েটপুৰৰ চফীকুল ৰহমান (৬০),  বৰপেটাৰ পাটচাৰকুচিৰ ৰমণী মজুমদাৰ (৬০), গুৱাহাটী কাহিলীপাৰাৰ উৎপল কুমাৰ চলিহা (৭৫) আৰু লালগণেশৰ হৰি প্ৰসাদ মণ্ডল (৬৮) আৰু ওদালগুৰিৰ জিতেন্দ্ৰ প্ৰসাদ(৩০)ৰ মৃত্যু হৈছিল।

চাৰিওজনকে GMCH ৰ ICU ত শেষ নিশা ২ বজাৰ পৰা কাহিলী পুৱা ৫ বজাৰ ভিতৰত ভৰ্তি কৰোৱা হৈছিল।

ভেন্টিলেশ্যনত চিকিৎসাধীন হৈ থকা অৱস্থাতে মৃত্যুক আঁকোৱালি লৈছিল আটায়ে। আটাইকেইজন নিমুনিয়া, urosepsis আৰু চেপ্তিক স্বকত আক্ৰান্ত হৈ আছিল।

ৰাজ্যত ৪৮ ঘণ্টাত ১০ গৰাকী লোকৰ মৃত্যু হৈছে। ৰাজ্যত ২৪ গৰাকীলৈ বৃদ্ধি মৃতকৰ সংখ্যা।

মঙ্গলবাৰে নিশা দেৱী কাকতি নামৰ ডায়েবেটিচ আৰু হাইপাৰ টেনশ্যনত আক্ৰান্ত এগৰাকী মহিলা মৃত্যুৰ মুখত পৰিছিল।

মহিলাগৰাকীক যোৱা ২ জুলাইৰ দিনা বশিষ্ঠৰ ১৫১ বেছ হস্পিতালত ভৰ্তি কৰোৱা হৈছিল। তেতিয়াই তেওঁ ক’ৰ’ণাত আক্ৰান্ত হয়।

সেই দিনা দিনৰ ভাগত কলিয়াবৰৰ ধদাৰাম মুৰা(৪০)  নামৰ লোকজনে GMCH ৰ কোভিড ভেন্টিলেশ্যনত মৃত্যুক আঁকোৱালি লৈছিল।

কোভিডত আক্ৰান্ত হোৱাৰ উপৰিও তেওঁ নিমুনিয়া আৰু চেপ্তিক শ্বকত আক্ৰান্ত আছিল।

তেওঁক ১ জুলাইৰ দিনা GMCH ৰ কোভিড ICU ত ভৰ্তি কৰোৱা হৈছিল।

মুৰাৰ শোকস্তব্ধ পৰিয়াললৈ মন্ত্ৰীগৰাকীয়ে সম বেদনা জ্ঞাপন কৰে।

ৰাজ্যত মুঠ  ১৪০৩২ গৰাকী লোক আক্রান্ত হোৱাৰ উপৰিও বৰ্তমানলৈ ৯১৪৭ গৰাকী লোক কোভিড মুক্ত হৈ ঘৰলৈ উভটিছে।

বৰ্তমান ৪৮৫৫ গৰাকী লোক ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

Related News