NORTHEAST NOW (Assamese)
অসম

অসমত ১০,০০০ ৰ দিশে ক’ৰ’না মুক্তৰ সংখ্যা; আজি নতুনকৈ আৰোগ্য লাভ ৪২১ গৰাকী লোকৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 9, 2020 10:16 pm
অসমত ১০,০০০ ৰ দিশে ক’ৰ’না মুক্তৰ সংখ্যা; আজি নতুনকৈ আৰোগ্য লাভ ৪২১ গৰাকী লোকৰ

অসমত ক’ৰ’নাৰ সংক্ৰমণৰ পৰা চিকিৎসাৰ অন্তত সুস্থ হৈ উঠা লোকৰ সংখ্যা ১০,০০০ স্পৰ্শ কৰাৰ দিশত আগবাঢ়িছে।

আজি ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা মুঠ ৪২১ গৰাকী লোকক চিকিৎসালয়ৰ পৰা ক’ৰ’না মুক্ত ঘোষণা কৰি মুক্তি দিয়া হৈছে।

এই ৪২১ গৰাকী লোকক দুবাৰকৈ কৰা ক’ৰ’নাৰ পৰীক্ষাত ফলাফল নিগেটিভ অহাৰ পাছত ক’ৰ’না মুক্ত বুলি ঘোষণা কৰা হয়।

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে এই কথা প্ৰকাশ কৰে।

আজি ক’ৰ’না মুক্ত হোৱা ৪২১ গৰাকী লোকৰ সৈতে অসমত বৰ্তমানলৈ ক’ৰ’না মুক্ত হোৱা লোকৰ সংখ্যা ৯১৪৭ গৰাকীলৈ বৃদ্ধি পালে।

অসমত এতিয়ালৈ মুঠ ১৪,০৩২ গৰাকী লোক ক’ৰ’না আক্ৰান্ত হোৱাৰ বিপৰীতে এই ভাইৰাছৰ সংক্ৰমণৰ ফলত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

এতিয়াও ৰাজ্যৰ বিভিন্ন চিকিৎসালয়ত ৪৮৫৫ গৰাকী ক’ৰ’না আক্ৰান্ত চিকিৎসাধীন হৈ আছে।

আনহাতে, আজিৰ দিনটোত অসমত ৫ গৰাকী কোভিড আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে।

ৰাজ্যত দুদিনৰ ভিতৰতে ১১ গৰাকী কোভিড আক্ৰান্তই নিজৰ জীৱন বিসৰ্জন দিবলগীয়া হৈছে।