NORTHEAST NOW (Assamese)
অসম

বিজেপিত যোগ দিয়ক, নগদ ৬০ হাজাৰ টকাকৈ লওক! ন-গেৰুৱা “হিৰণ্য পাঠৰি”ৰ Video

Posted by: কল্পজ্যোতি শইকীয়া Updated by: কল্পজ্যোতি শইকীয়া April 17, 2019 10:52 pm
Join BJP and get Rs 60k per head, saffron newjoinee's sensational video

বিজেপিত যোগদান কৰিলেই ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যক হিৰণ্য পাঠৰিয়ে বিজেপিৰ পৰা উলিয়াই দিব ৫০ৰ পৰা ৬০ হাজাৰ টকা। অভিযোগমতে সংগঠনটোৰ পৰা পদত্যাগ কৰি বিজেপিত যোগ দিয়া পাথৰিয়ে ৰঙিয়াৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভাৰপ্ৰাপ্ত সভাপতি অংশুমান শৰ্মা আৰু তেওঁৰ সতীৰ্থক দিছিল এই বিগ অফাৰ।

ছাত্ৰ মুক্তিৰ নেতাগৰাকীয়ে পাঠৰিৰ বিৰুদ্ধে অভিযোগ কৰি নৰ্থ ইষ্ট নাওক কয় ‘মোক চাৰি-পাঁচদিন ধৰি বিজেপিত যোগদান কৰিবলৈ জোৰ-জবৰদস্তি কৰি আছিল পাঠৰিয়ে। কিন্তু মই ফোনত একো নকৈ তেওঁক ৰঙিয়াৰ বাইহাটা চাৰিআলিলৈ লগ কৰিবৰ বাবে মাতিছিলো।’

ইয়াৰোপৰি গৰু বিহুৰ দিনটোতে ৰঙিয়া হাইৱে চকৰ ওচৰত এক নিৰ্জন স্থানত তেওঁৰ দুই-তিনিজন সদস্যৰ সৈতে পাঠৰিক সাক্ষাৎ কৰিছিল বুলি তেওঁ নৰ্থ ইষ্ট নাওক জনায়।

পাথৰিক লগ পোৱাৰ সময়ত উক্ত স্থানত উপস্থিত কোনো এজনে মোবাইলত “ভিডিঅ’ ৰেকৰ্ডিং” কৰি ৰাখিছিল তেওঁলোকৰ মাজত হোৱা কথোপকথনসমূহ।

‘এতিয়া মানে কি, জইনিং কৰাৰ পাছতেই তহঁতক মই পইচা এটা উলিয়াই দিম। চৰকাৰখন যিহেতু থাকিবই তহঁতে বিভিন্ন ধৰণৰ কাম-কাজ পাই থাকিবি। বাইহাটা চাৰিআলিৰ শতাধিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সদস্যৰ বিজেপিত যোগদান– নিউজ আহি যাব। তহঁত দুটাই মেইন মানুহ, মাৰক লৈ যাব পাৰিবি, খুৰাকো লৈ যাব পাৰিবি লগত। তহঁতক মই ৫০ৰ পৰা ৬০ হাজাৰ টকা উলিয়াই দিম। ৬০ হাজাৰ ক’লে ৫০ হাজাৰ দিব।‘ ছাত্ৰ মুক্তিৰ নেতাজনে আমালৈ প্ৰেৰণ কৰা ভিডিঅ’টোত হিৰণ্যৰ বক্তব্য।

তাৰ পাছতেই উক্ত স্থানত উপস্থিত হয় ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ অন্য কিছুসংখ্যক সদস্য। উপস্থিত হৈয়ে পাঠৰিক জেৰা কৰে সদস্য কেইজনে। অখিল গগৈয়ে তিনিকোটি টকা কংগ্ৰেছৰ পৰা লোৱা বুলি পাঠৰিয়ে অনা অভিযোগৰ প্ৰমাণ বিচাৰে ছাত্ৰ মুক্তিৰ নেতাকেইজনে।

ইপিনে, ছাত্ৰ মুক্তিৰ নেতাজনে অনা এই গুৰুতৰ অভিযোগ মঙলবাৰে এক সংবাদমেলযোগে ‘মিছা’ বুলি দাবী কৰিছিল পাঠৰিয়ে।

তেওঁক ছাত্ৰ মুক্তিৰ সদস্যকেইজনে মাৰপিট কৰা বুলিও পাঠৰিয়ে অভিযোগ কৰিছিল।

নৰ্থ ইষ্ট নাও-এ ভিডিঅ’টোৰ সত্যতাৰ প্ৰত্যাভূতি দিয়া নাই।