NORTHEAST NOW (Assamese)

অসমত আৰু এজন ক’ভিড-১৯ আক্ৰান্ত, দিনটোত চিনাক্ত ৫

April 30, 2020 9:54 pm · কল্পজ্যোতি শইকীয়া
Updated: April 30, 2020 11:46 pm
প্ৰতিনিধিত্বমূলক ফটো

আৰু এজন ব্যক্তি ক’ভিড-১৯ পজিটিভৰূপে অসমত বুধবাৰে সন্ধিয়া চিনাক্ত হৈছে।

কৰিমগঞ্জৰ এই ব্যক্তিগৰাকী নিজামুদ্দিন মাৰ্কাজলৈ যোৱা লোকৰ পৰোক্ষ সম্পৰ্কলৈ আহিছিল।

ইয়াকে ধৰি অসমত আজিৰ দিনটোতে পাঁচটাকৈ ক’ভিড-১৯ পজিটিভ ঘটনা পোহৰলৈ আহিছে।

বঙাইগাঁও জিলাত চাৰিগৰাকী লোকৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

বৰ্তমানলৈকে সম্পূৰ্ণ ঠিকনা জানিব পৰা হোৱা নাই আক্ৰান্ত লোককেইজনৰ।

উল্লেখযোগ্য যে ২৮ এপ্ৰিলত বঙাইগাওঁ জিলাৰ শালমৰাত ১৬ বছৰীয়া কিশোৰীৰ দেহত এই মাৰাত্মক ভাইৰাছৰ উপস্থিতি পোৱা গৈছিল।

মাৰ্কাজত যোৱা লোকৰ সংস্পৰ্শলৈ আহিছিল কিশোৰীগৰাকী।

অসমত ৪২ জনলৈ বৃদ্ধি পালে  ক’ভিড-19ত আক্ৰান্তৰ সংখ্যা।

ইতিমধ্যে ২৯ জনে এই ৰোগৰ পৰা আৰোগ্য লাভ কৰি চিকিৎসালয়ৰ পৰা মুক্তি লাভ কৰিছে। লগতে অসমত বৰ্তমান অসমত ১২টা পজিটিভ কেচ আছে।

এজন ক’ভিড-১৯ আক্ৰান্তৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু ঘটিছে।

Related News