NORTHEAST NOW (Assamese)

কোকৰাঝাৰত কোভিডত আক্ৰান্ত চি আই টিৰ পাঁচগৰাকী শিক্ষাৰ্থী

February 24, 2021 4:49 pm · ৰিনয় বসুমতাৰী

দেশৰ বহু ৰাজ্যৰ লগতে অসমৰো বিভিন্ন স্থানত পুনৰ মাৰাত্মক কোভিড- ১৯-এ বহু লোকক সংক্ৰমিত কৰিছে।

কোকৰাঝাৰত পুনৰ কোভিড ১৯-এ সন্ত্ৰাসৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে।

আজি কোকৰাঝাৰস্থিত চি আই টিৰ পাঁচজন শিক্ষাৰ্থীৰ দেহত ধৰা পৰিল কোভিড।

কোভিড আক্ৰান্ত শিক্ষাৰ্থী সকল হোষ্টেলৰ আবাসী আছিল।

কোভিড আক্ৰান্ত শিক্ষাৰ্থীসকল হৈছে ক্ৰমে মানস প্ৰতীম শইকীয়া(শিৱসাগৰ), সুৰ’জিৎ বসু ( কোচবিহাৰ,পশ্চিম বংগ), জ্যোতিষম্যান কোনৱাৰ (গুৱাহাটী), ৰাহুল সাহা (ত্ৰিপুৰা) আৰু আলেচান্দ্ৰ চাইমলি(শ্বিলঙ)।

এজন শিক্ষাৰ্থী “জোহৌলাউ দৈমালু” আন চাৰিজন “শ্বিক’না জৌহৌলাউ” হোষ্টেলৰ শিক্ষাৰ্থী বুলি জানিব পৰা গৈছে।

পাঁচগৰাকীকৈ শিক্ষাৰ্থী কোভিডত আক্ৰান্ত হোৱাৰ পিছত জিলা প্ৰশাসনে চি আই টি চৌহদ কনটেইনমেন্ট জ’ন  হিচাবে ঘোষণা কৰিছে ।

Related News