NORTHEAST NOW (Assamese)
Popular Stories

কোভিড সাহায্য পুঁজিলৈ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁৱে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 7:25 pm
121125-rup111222

১ কোটি দুই কোটি নহয়। কোভিড সাহায্য পুঁজিলৈ মুঠ ৫০ কোটিৰো অধিক টকাৰ বৰঙণি আগবঢ়াইছে পাঁচখন গাঁওৱে।

কোভিড সাহায্য পুঁজিলৈ ৫০ কোটি টকা বৰঙণি আগবঢ়াই চৰ্চালৈ অহা গাঁওকেইখন হৈছে হাৰিয়ানাৰ।

ৰাজ্য চৰকাৰৰ কোভিড সাহায্য পুঁজিলৈ এই বিপুল পৰিমাণৰ বৰঙণি আগবঢ়োৱা গাঁওকেইখন হৈছে ক্ৰমে গুৰুগ্ৰামৰ পাল্ৰা, চুনিপটৰ চেৰ্চা আৰু ৰামপুৰ, পাণিপটৰ বাল জট্টান আৰু নাৰ্নোলৰ নাছিপুৰ।

ইয়াৰ ভিতৰত পাল্ৰা গাঁওখনে সৰ্বাধিক ২১ কোটি টকা বৰঙণি আগবঢ়াইছে ৰাজ্যখনৰ কোভিড সাহায্য পুঁজিলৈ।

অন্য কেইখন গাঁও ক্ৰমে চেৰ্চা, ৰামপুৰ আৰু বাল জট্টানে ১১.৫ কোটি, ২.৫ কোটি আৰু ১০.৫ কোটি টকাৰ বৰঙণি আগবঢ়াইছে কোবিড সাহায্য পুঁজিলৈ।

আনহাতে নাছিপুৰে যোৱা ৩০ জুলাইৰ ভিতৰত ৫ কোটি টকাৰ বৰঙণি আগবঢ়ায়।

উল্লেখ্য যে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খাট্টাৰে ৰাজ্যবাসীৰ প্ৰতি কোভিড সাহায্য পুঁজিলৈ দান বৰঙণি আগবঢ়াবলৈ আবেদন জনাইছিল।

ইয়াৰ পিছতে গাঁও পঞ্চায়ত আৰু খণ্ড উন্নয়ন বিষয়াৰ উদ্যোগত বৰঙণিসমূহ সংগ্ৰহৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছিল।

স্মৰ্তব্য যে, বৰ্তমানলৈকে হাৰিয়ানাত ৪০,৮৪৩ গৰাকী লোক কোভিড১৯ত আক্ৰান্ত হোৱাৰ বিপৰীতে ৪৭৪ গৰাকী আক্ৰান্তৰ মৃত্যু ঘটিছে।