NORTHEAST NOW (Assamese)
অসম

বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ ৰাজ্য চৰকাৰ : লাহৰীঘাটত প্ৰতিবাদ মুছাৰ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ August 10, 2020 7:51 pm
index.jpg

মৰিগাঁও জিলাৰ লাহৰিঘাট ৰাজহ চক্ৰৰ অন্তৰ্গত উলুবাৰী গাৱত ব্ৰহ্মপুত্ৰৰসংসাৰী ৰূপ ধাৰণ কৰাত মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত এটি সজাতি দলে সেই অঞ্চল পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত এক প্ৰতিবাদী কাৰ্যসুচীও ৰুপায়ণ কৰি মুছলিম ছাত্ৰ সন্থা অসমৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে অসমৰ বান সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ লগতে বানপীড়িত আৰু গৰাখহনীয়াত ক্ষতিগ্ৰস্ত পৰিয়ালসমূহক উপযুক্ত ক্ষতিপূৰণ দিয়াৰ দাবী কৰে।

ইয়াৰ উপৰি ৰাজ্য চৰকাৰক প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ লগতে বান আৰু গৰাখহনীয়াত আক্ৰান্ত ৰাইজক পৰ্যাপ্ত সাহায্য প্ৰদানৰ আহ্বান জনাই প্ৰতিবাদকাৰীসকলে।

প্ৰতিবাদকাৰীসকলে বান আৰু গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীৰ অন্তত মুছলিম ছাত্ৰ সন্থা, অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক আশ্বিক ৰাব্বানীয়ে সাংবাদিকক সম্বোধন কৰি জলসম্পদ বিভাগক তীব্ৰ সমালোচনা কৰে।

তেওঁ কয় যে, ‘ৰাজ্য আৰু কেন্দ্ৰ দুয়োখন চৰকাৰেই সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বান আৰু গৰাখহনীয়া নিয়ন্ত্ৰণত। যাৰ ফলত দুৰ্ভোগ ভুগিবলগীয়া হৈছে ৰাজ্যৰ লাখ লাখ জনতাই। সমগ্ৰ ৰাজ্যৰ লগতে জলসম্পদ মন্ত্ৰীগৰাকীৰ গৃহ জিলা ও নিজা সমষ্টিতে বানত আক্ৰান্ত হৈছে হাজাৰ হাজাৰ লোক।’

আজি এই প্ৰতিবাদী কাৰ্যসূচীত মুছলিম ছাত্ৰ সন্থা, অসমৰ মৰিগাঁও জিলা সমিতিৰ উপ সভাপতি জহিৰুল ইছলাম, নগাঁও জিলা সমিতিৰ উপ সভাপতি ছফিকুল ইছলাম, স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি মৰিগাঁও জিলা সমিতিয়েও অংশগ্ৰহণ কৰে।