NORTHEAST NOW (Assamese)
Popular Stories

স্কুল বাছৰ ভিতৰত সাত ঘণ্টা আৱদ্ধ হৈ থাকিল পাঁচ বছৰীয়া শিশু, বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে চৰম গাফিলতিৰ অভিযোগ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2026 10:26 am

নয়ডাৰ এখন ব্যক্তিগত বিদ্যালয়ত এক অতি ভয়ংকৰ আৰু দায়িত্বহীন কাণ্ড পোহৰলৈ আহিছে। এজন পাঁচ বছৰীয়া ছাত্ৰই বিদ্যালয়লৈ গৈ থকা অৱস্থাত বাছৰ ভিতৰতে টোপনি যোৱাৰ বাবে প্ৰায় সাত ঘণ্টা সময় বাছখনৰ ভিতৰতে আৱদ্ধ হৈ থাকিবলগীয়া হয়। এই ঘটনাই সমগ্ৰ অঞ্চলটোৰ লগতে শিক্ষাৰ্থীগৰাকীৰ পিতৃ-মাতৃৰ মাজত তীব্ৰ চাঞ্চল্য আৰু ক্ষোভৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে পুৱা শিশুটি সদায় কৰি অহাৰ দৰেই স্কুল বাছত উঠিছিল যদিও যাত্ৰাৰ সময়ত সি বাছখনৰ পিছফালৰ আসনত টোপনি গৈছিল।

আশ্চৰ্যকৰ কথা এইটোৱেই যে বাছখন বিদ্যালয়ত উপস্থিত হোৱাৰ পিছত সকলো লৰা-ছোৱালী নামি গৈছিল যদিও বাছখনৰ কৰ্মচাৰীসকলে গাড়ীখনত কোনো ৰৈ গৈছে নেকি তাক পৰীক্ষা নকৰাকৈয়ে বিদ্যালয়ৰ পৰা ২৫ কিলোমিটাৰ দূৰৈৰ এটা বাছ ডিপোলৈ লৈ যায়। দিনটোৰ প্ৰায় সাত ঘণ্টা সময় শিশুটি সেই বন্ধ বাছখনৰ ভিতৰতে আৱদ্ধ হৈ আছিল আৰু অসহায় হৈ কান্দি আছিল। এই সমগ্ৰ ঘটনাটো তেতিয়াহে পোহৰলৈ আহে যেতিয়া দুপৰীয়া শিশুটিৰ মাতৃয়ে সন্তানক স্কুলৰ পৰা নিবলৈ আহে। সেই সময়ত স্কুল কৰ্তৃপক্ষই তেওঁক জনায় যে শিশুটি সেইদিনা স্কুলত অনুপস্থিত আছিল।

স্কুলৰ কথা শুনি মাতৃগৰাকী আতংকিত হৈ পৰে কাৰণ পৰিবহণৰ ৰেকৰ্ডত স্পষ্টকৈ লিখা আছিল যে শিশুটি পুৱা বাছত উঠিছিল। ইয়াৰ পিছতে পৰিয়ালৰ লোক আৰু বিদ্যালয় কৰ্তৃপক্ষই শিশুটিৰ বিচাৰ-খোচৰ আৰম্ভ কৰে। অৱশেষত বহু বিচাৰ খোচৰ কৰাৰ পিছত বাছ ডিপোত ৰখাই থোৱা বাছখনৰ ভিতৰত শিশুটিক উদ্ধাৰ কৰা হয়। সৌভাগ্যক্ৰমে শিশুটিক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰি পিতৃ-মাতৃৰ হাতত অৰ্পণ কৰা হয়। পৰিয়ালটোৱে এই ঘটনাক বিদ্যালয় পৰিচালনা সমিতি আৰু বাছ কৰ্মচাৰীৰ চৰম গাফিলতি বুলি অভিহিত কৰিছে আৰু দোষীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

আনহাতে বিদ্যালয় কৰ্তৃপক্ষই এই সন্দৰ্ভত এক চাফাই দিছে। তেওঁলোকে জনোৱা মতে কাৰিকৰী সমস্যাৰ বাবে শেষ মুহূৰ্তত বাছখন সলনি কৰিবলগীয়া হৈছিল আৰু শিশুটি ভুলবশতঃ পুৰণি বাছখনত ৰৈ গৈছিল। বিদ্যালয়খনে দাবী কৰিছে যে শিশুটি সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে। ভৱিষ্যতে যাতে এনে ঘটনাৰ পুনৰাবৃত্তি নহয় তাৰ বাবে সুৰক্ষা ব্যৱস্থা আৰু অধিক কঠোৰ কৰাৰ লগতে পৰিবহণ ব্যৱস্থাৰ এক বিশেষ পৰ্যালোচনা কৰা হব বুলিও বিদ্যালয় কৰ্তৃপক্ষই আশ্বাস দিছে।