NORTHEAST NOW (Assamese)
অসম

শক্তি বৃদ্ধি কৰি আগবাঢ়িছে ঘূৰ্ণীবতাহ চিত্ৰাং! ত্ৰিপুৰা, অসমৰ বৰাক উপত্যকাত ৰেড এলাৰ্ট জাৰি

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 11:11 am

বতৰ বিভাগৰ কাৰ্যালয়ে জানিবলৈ দিয়া মতে ঘূৰ্ণীবতাহ চিত্ৰাঙে মঙলবাৰে ৰাতিপুৱা স্থলভাগত প্ৰৱেশ কৰিব বুলি আশা কৰা হৈছে। ঘূৰ্ণীবতাহ চিত্ৰাঙে ইতিমধ্যে বংগোপসাগৰত ইয়াৰ শক্তি বৃদ্ধি কৰিছে। এই ঘূৰ্ণীবতাহে ত্ৰিপুৰাত যথেষ্ট প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে। ৰাজ্যখনত ২৪ ঘণ্টাত সৰ্বাধিক ২০০ মিলিমিটাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ আৰু নাগালেণ্ডত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এই পৰিস্থিতিত ত্ৰিপুৰাত বিদ্যালয় আৰু মহাবিদ্যালয়কে ধৰি সকলো শিক্ষানুষ্ঠান ২৬ অক্টোবৰলৈকে বন্ধ থাকিব। সকলো চৰকাৰী কৰ্মচাৰীৰ ছুটিও এসপ্তাহৰ বাবে বাতিল কৰা হৈছে। ইপিনে, ঘূৰ্ণীবতাহৰ পৰিপ্ৰেক্ষিতত পশ্চিমবংগ আৰু অৰুণাচল প্ৰদেশত অ’ৰেঞ্জ এলাৰ্ট জাৰি কৰা হৈছে।

লগতে পঢ়ক: সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

আনহাতে, অসমৰ কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিত ৰেড এলাৰ্ট জাৰি কৰা হৈছে। এনডিআৰএফক উত্তৰ-পূবৰ ৰাজ্যসমূহত সাজু হৈ থাকিবলৈ কোৱা হৈছে।

ঘূৰ্ণীবতাহ চিত্ৰাঙে মঙলবাৰে পুৱতি নিশা বাংলাদেশৰ টিংকোনা দ্বীপ আৰু সন্দ্বীপৰ মাজৰ কোনো স্থানত খুন্দা মৰাৰ সম্ভাৱনা আছে। ঘূৰ্ণীবতাহ চিত্ৰাঙৰ ফলত কিছুমান জিলাত বিক্ষিপ্তভাৱে অতি ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ লগতে কিছুমান জিলাত ধুমুহাও হ’ব পাৰে।