NORTHEAST NOW (Assamese)
অসম

নিউয়ৰ্কৰ আক্ৰমণ! সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে লেখক ছলমান ৰুশ্বদীৰ এখন হাত আৰু এটা চকু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 12:18 pm

যোৱা ১২ আগষ্টত নিউয়ৰ্কৰ এটা শিক্ষা কেন্দ্ৰত হলভৰ্তি দৰ্শকৰ সন্মুখত ভাষণ দিয়াৰ প্ৰস্তুতি চলাই থকা সময়ত আক্ৰমণৰ বলি হৈছিল বিতৰ্কিত লেখক ছলমান ৰুশ্বদী। আক্ৰমণৰ ফলতে এতিয়া তেওঁৰ এটা চকুৰ দৃষ্টিশক্তি আৰু এখন হাত সম্পূৰ্ণৰূপে বিকল হৈ পৰিছে।

১৯৮৮ চনৰ ছেপ্টেম্বৰ মাহত ৰুশ্বদীৰ অত্যন্ত বিতৰ্কিত ছেটেনিক ভাৰ্ছেছ প্ৰকাশিত হয়। ৰুশ্বদীয়ে পয়গম্বৰ আৰু তেওঁৰ পত্নীসকলৰ বিষয়ে সকলো অত্যন্ত আপত্তিজনক মন্তব্য প্ৰকাশ কৰাৰ অভিযোগ উঠিছিল।

লগতে পঢ়ক: সমীক্ষাৰ দাবী: ঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে

 ১৯৮৯ চনত ইৰাণৰ ইছলামিক বিপ্লৱৰ নেতা আয়াতুল্লাহ ৰুহোল্লাহ খোমেনীয়ে ৰুশ্বদীৰ বিৰুদ্ধে মৃত্যুদণ্ডৰ ফতোৱা জাৰি কৰে। ৰুশ্বদী তেতিয়া আত্মগোপন কৰে আৰু সকলো সময়তে আৰক্ষী সুৰক্ষাৰ অধীনত থাকিব লগা হয়।

যোৱা আগষ্টত হোৱা আক্ৰমণৰ পিছত তেওঁৰ পুত্ৰ জাফৰ ৰুশ্বদীয়ে কৈছিল যে তেওঁৰ পিতৃৰ ছুৰিকাঘাত মাৰাত্মক আছিল আৰু ই তেওঁৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তন আনিব।

লেবানিজ বংশোদ্ভূত ২৪ বছৰীয়া আমেৰিকান নাগৰিক হাদি মাটাৰক ঘটনাটোৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰা হৈছিল। আটকৰ পিছত কাৰাগাৰত থাকোতে আগষ্টত নিউয়ৰ্ক পোষ্টৰ সৈতে হোৱা এক সাক্ষাৎকাৰত হাদী মাটাৰে ইমাম খোমেনীক  মহান ব্যক্তিত্ব বুলি উল্লেখ কৰিছিল। অৱশ্যে, ইমাম খোমেনীৰ ফতোৱা অনুসৰণ কৰি তেওঁ ৰুশ্বদীক আক্ৰমণ কৰা বুলি কোৱা নাছিল।

লগতে পঢ়ক: সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

হাদি মাটাৰে কৈ আহিছে যে তেওঁ ৰুশ্বদীক ভাল নাপায় কাৰণ এই ব্যক্তিজনে ইছলামৰ ওপৰত আঘাত কৰিছে। ৰুশ্বদীৰ হত্যাৰ প্ৰচেষ্টাৰ বাবে নিজকে নিৰ্দোষী  বুলি দাবী কৰিছে হাদি মাটাৰে।