NORTHEAST NOW (Assamese)
অসম

সস্তা দামত আপেল ক্ৰয় কৰি চৰা দামত বিক্ৰী কৰিছে মোডীৰ বন্ধু আদানীয়ে; কাৰ অভিযোগ?

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী October 24, 2022 10:05 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বন্ধু গৌতম আদানীয়ে ৭০-৭২ টকাত আপেল ক্ৰয় কৰি  সেই আপেলকে ২৫০-৩০০ টকাত বিক্ৰী কৰিছে। এয়া এক শোষণ। এই অভিযোগ কৰিছে হিমাচল প্ৰদেশৰ কংগ্ৰেছ নেতা কুলদীপ সিং ৰাঠোৰে। তেওঁ হিমাচল প্ৰদেশৰ প্ৰাক্তন কংগ্ৰেছ সভাপতি। পাহাৰীয়া ৰাজ্যখনত ১২ নৱেম্বৰত নিৰ্বাচন অনুষ্ঠিত হ’ব। ৰাঠোৰে থিওগ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰিছে। আপেল খেতিয়কসকলে বৰ্তমান অঞ্চলটোত প্ৰতিবাদ কৰি আছে।

ৰাথোৰে কয়, “বিজেপিৰ যদি লক্ষ্য হৈছে পুনৰ ক্ষমতালৈ অহা, কংগ্ৰেছৰ লক্ষ্য হৈছে তেওঁলোকক ইয়াৰ পৰা মচি পেলোৱা।‘’ মোডীয়ে বিজেপিক হিমাচল প্ৰদেশত পুনৰ ক্ষমতালৈ আনিবলৈ আহ্বান জনাইছে। এই আহ্বানত বিজেপি কৰ্মীসকল উৎসাহিত। কিন্তু ৬১ বছৰীয়া ৰাঠোৰ এতিয়াও আত্মবিশ্বাসী।

লগতে পঢ়ক: সমীক্ষাৰ দাবী: ঋষি ছুনাককে প্ৰধানমন্ত্ৰীৰ চকীত বিচাৰে ৪৫ শতাংশ ব্ৰিটেইনবাসীয়ে

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত ৰাথোৰে কয়, “মই প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছো। অৱশ্যে বিভিন্ন জনৰ হৈ নিৰ্বাচন চম্ভালাৰ এক দীঘলীয়া অভিজ্ঞতা আছে। মই দীৰ্ঘদিন ধৰি দলটোৰ সৈতে আছো। প্ৰদেশ কংগ্ৰেছৰ বিভিন্ন পদত দীৰ্ঘদিন ধৰি কাম কৰি আছো। তাৰ পৰাই অভিজ্ঞতা হৈছে।‘’

ৰাঠোৰে অভিযোগ কৰিছে যে তেওঁৰ এলেকাটো এটা আপেলবেল্ট। কিন্তু বিজেপিয়ে অঞ্চলটো উপেক্ষা কৰিছে। তেওঁ কয়, “বিজেপি চৰকাৰে এপল বেল্টক সম্পূৰ্ণৰূপে উপেক্ষা কৰিছে। অথচ হিমাচল প্ৰদেশে আপেল উদ্যোগৰ পৰা ৫,০০০ কোটি টকা উপাৰ্জন কৰে। এক কৰ্মসংস্থাপনৰ সৃষ্টি কৰে। ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰে। কোভিড-১৯ মহামাৰীৰ সময়ত হিমাচল প্ৰদেশত আপেল উদ্যোগটোৱেই একমাত্ৰ ভালদৰে চলিছে।‘’

লগতে পঢ়ক: বিৰাট বন্দনা! ‘এজন বহুত ডাঙৰ খেলুৱৈ’, মহাযুদ্ধত পৰাজিত হোৱাৰ পিছতো কোহলিৰ প্ৰশংসাত বাবৰ

ৰাঠোৰে অভিযোগ কৰি কয়, “কিন্তু বিজেপিয়ে সেইটোত মনোযোগ দিয়া নাই। কেৱল সেয়াই নহয়, বিজেপি চৰকাৰে ভেঁকুৰনাশকৰ ওপৰত ৰাজসাহায্য বন্ধ কৰিছে। অথচ এই ভেঁকুৰনাশক আপেল খেতিয়কসকলে ব্যৱহাৰ কৰে। চৰকাৰে যে কেবল ৰাজসাহায্যই আঁতৰাই দিছে সেয়া নহয়, ই আপেলৰ কাৰ্টনৰ ওপৰত ১৮ শতাংশ জিএছটিও আৰোপ কৰিছে। এইটোৱে আপেল উদ্যোগক ক্ষতি কৰিছে।‘’