NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাত ৫০ গৰাকী অবৈধ সুৰা ব্যৱসায়ী আবকাৰীৰ জালত; সন্তুষ্ট নহয় সচেতন লোক

Posted by: চফিকুল আহমেদ Updated by: চফিকুল আহমেদ August 27, 2019 9:37 pm

অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই অহা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলাই যোৱা আঠ মাহত গোৱালপাৰা জিলা আবকাৰী বিভাগে প্ৰায় ৫০জন লোকক গ্ৰেপ্তাৰ কৰিছে।

কিন্তু আবকাৰী বিভাগৰ এই অভিযান কেৱল মাত্ৰ একাংশ ব্যৱসায়ীৰ বিৰুদ্ধেহে সীমাবদ্ধ থকাৰ গুৰুতৰ অভিযোগ আনিছে একাংশ লোকে।

‘বাপুজি নগৰ, ভালুকডুবি, বেলতলাৰ লগতে অন্য ঠাইত সুৰাৰ বহুতো অবৈধ ঘাটি আছে কিন্তু সেই সমূহ ব্যৱসায়ীৰ বিৰুদ্ধে আবকাৰী বিভাগে কেতিয়াবাহে অভিযান চলায়। আৰু অভিযান চলোৱাৰ পাছদিনাৰ পৰাই তেওঁলোকে পুনৰ আৰম্ভ কৰে ব্যৱসায়’। এনেদৰে অসন্তুষ্টি প্ৰকাশ কৰে একাংশ সচেতন লোকে।

ইফালে আবকাৰী বিভাগে এই অভিযোগ খণ্ডন কৰি কয়, ‘অবৈধভাৱে সুৰাৰ ব্যৱসায় চলাই থকা সকলো লোকৰ বিৰুদ্ধেই আমাৰ অভিযান চলে’।

‘অনুজ্ঞাপত্ৰ নোহোৱাকৈ সুৰাৰ ব্যৱসায় চলাই থকা লোক তথা ৰাস্তাৰ কাষৰ ধাবা সমূহত আৰু দেশীয় সুৰাৰ ব্যৱসায় চলাই থকা লোকৰ বিৰুদ্ধে আমি এশৰো অধিক অভিযান চলাইছো। অভিযানৰ সময়ত আমি প্ৰায় ৫০ জন সুৰাৰ অবৈধ ব্যৱসায়ীক আটক কৰিছো’। আবকাৰী বিভাগৰ এজন শীৰ্ষ পৰ্যায়ৰ বিষয়াই এই কথা জনায়।

উল্লেখ্য যে বৰ্তমান তিনিজন পৰিদৰ্শকেৰে চলি আছে গোৱালপাৰা জিলা আবকাৰী বিভাগ। ইয়াৰে ভায়লিনা হামাৰে লখিপুৰ, নীলকমল পাঠকে গোৱালপাৰা আৰু দিগন্ত বৰুৱাই দুধনৈ অঞ্চলৰ দায়িত্বত আছে।

জানিব পৰা মতে ভায়লিনা হামাৰৰ নেতৃত্বত লখিপুৰ চক্ৰত ধাৰাবাহিকভাৱে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান চলাই থকা হৈছে। সোমবাৰ আৰু মঙলবাৰৰ দিনটোত চলোৱা তেনে অভিযানত ৰঞ্জন হাজং, ৰণেশ্বৰ ৰাভা, দুলাল শৰ্মা আৰু বিকি সাহা নামৰ চাৰিজনক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে।