NORTHEAST NOW (Assamese)

আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত NDRFৰ ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত

June 10, 2020 8:46 am · এন ই নাও নিউজ
ফটো উৎস : ইণ্টাৰনেট

চাইক্ল’ন আমফানে ভয়াবহভাৱে ক্ষতিগ্ৰস্ত কৰা পশ্চিম বংগত সহায় কাৰ্যত নিয়োজিত NDRFৰ কমেও ৫০ গৰাকী সদস্য ক’ভিড-১৯ত আক্ৰান্ত হৈছে।

জানিব পৰা মতে, ক’ভিড-১৯ত আক্ৰান্ত সদস্য কেইজন কটকস্থিত NDRF মিণ্ডালি বেটেলিয়নৰ।

উল্লেখ্য যে আমফানৰ সময়ত পশ্চিম বংগত নিয়োজিত এজন সদস্য কিছু দিন পূৰ্বে ক’ৰ’নাত আক্ৰান্ত হোৱাত বাকী সকলোৰো কনটেক্ট ট্ৰেচিঙৰ আধাৰত টেষ্ট কৰা হয়।

পশ্চিম বংগৰ পৰা ওৰিষ্যাৰ কটকস্থিত শিবিৰলৈ ঘূৰি অহাৰ পিছৰে পৰা এতিয়ালৈ ১৭০ গৰাকীৰো অধিক NDRF সদস্যৰ ক’ৰ’নাৰ টেষ্ট কৰা হৈছে।

কোনো লক্ষণ দেখা নিদিয়াকৈয়ে ক’ৰ’নাত আক্ৰান্ত হৈছে বেছিভাগ সদস্য।

‍‘চাইক্ল’ন আমফান ডিউটিৰ পৰা ঘূৰি অহাৰ পিছত ১৯০ গৰাকী সদস্যৰ ভিতৰত ৫০ গৰাকীৰ দেহত ক’ৰ’না ভাইৰাছৰ উপস্থিতি পোৱা গৈছে’, NDRFৰ ডিৰেক্টৰ জেনেৰেলে টুইটযোগে জনায়।

আমফানৰ সময়ত সহায় আৰু উদ্ধাৰ অভিযানৰ বাবে পশ্চিম বগংত NDRFৰ ১৯টা দল নিয়োগ কৰা হৈছিল।

প্ৰতিটো দলতে আছিল ৪৫ গৰাকীকৈ সদস্য।

উল্লেখ্য যে, ভাৰতত ক’ৰ’না ভাইৰাছৰ সংহাৰ হ্ৰাস পোৱাৰ বিপৰীতে তীব্ৰ হাৰত বৃদ্ধি পাই আছে। মঙলবাৰলৈকে দেশত ২,৬৬,৫৯৮গৰাকী লোক ক’ৰ’নাত আক্ৰান্ত হৈছে।

বৰ্তমান দেশত ১২৯৮১৩ গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৭৪২১ গৰাকী লোকৰ মৃত্যু হৈছে।

Related News