NORTHEAST NOW (Assamese)

মণিপুৰত ৫০টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন : পাহাৰীয়া অঞ্চলত ৯০২ কিলোমিটাৰ পথৰ উন্নয়নত অগ্ৰাধিকাৰ

October 22, 2024 4:17 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী
Updated: October 22, 2024 7:42 pm

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে মণিপুৰত ১,০২৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৫০টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পত অনুমোদন জনাইছে।

ইয়াৰে ভিতৰত ৰাজ্যখনৰ পাহাৰীয়া অঞ্চলত ৯০২ কিলোমিটাৰ দৈৰ্ঘ্যৰ ৪৪টা প্ৰকল্প আছে। পাহাৰীয়া অঞ্চলৰ ৮টা প্ৰকল্পৰ ১২৫ কিলোমিটাৰ পথৰ কাম সম্পূৰ্ণ হৈছে আৰু বাকী ১২০০০ কোটি টকা ব্যয়সাপেক্ষ ৭৭৭ কিলোমিটাৰ পথৰ ৩৬টা প্ৰকল্পৰ কাম চলি আছে।

মন্ত্ৰালয়ৰ ২০২৪-২৫ বাৰ্ষিক পৰিকল্পনাত ১,৩৫০ কোটি টকা ব্যয়সাপেক্ষ মুঠ ৯০ কিলোমিটাৰ দৈৰ্ঘ্যৰ ২টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প আছে আৰু দুয়োটা পাহাৰীয়া অঞ্চলত নিৰ্মাণ কৰা হৈছে।

চিআৰআইএফ মন্ত্ৰালয়ৰ অধীনত ৰাজ্য চৰকাৰৰ অগ্ৰাধিকাৰভিত্তিত ৰাজ্যিক পথৰ কামৰ তালিকা অনুমোদন জনায়। ৰাজ্য চৰকাৰে দিয়া অগ্ৰাধিকাৰ তালিকাত মুঠ ১১১টা কামৰ ভিতৰত বিঅ’এছ অনুপাতৰ ওপৰত নিৰ্ভৰ কৰি মন্ত্ৰালয়ে অগ্ৰাধিকাৰৰ ক্ৰমত ৫৭টা কামত অনুমোদন জনাইছে। পাহাৰীয়া ৰাজ্যৰ বাবে অনুমোদিত বিঅ’এছ অনুপাত ৪ৰ বিপৰীতে এতিয়া ৯.৮১ কৰা হৈছে।

Related News