NORTHEAST NOW (Assamese)
অসম

উচ্চতম ন্যায়ালয়ত কোভিড আতংক! ৫০ শতাংশ কৰ্মীয়েই কোভিড পজিটিভ

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ April 12, 2021 11:16 am
1593687950_RAAgrY_SupremeCourtofIndia-750x375

দেশৰ উচ্চতম ন্যায়ালয়ত কোভিডে আতংকৰ সৃষ্টি কৰিছে।

শেহতীয়াকৈ জানিব পৰা মতে উচ্চতম ন্যায়ালয়ৰ ৫০ শতাংশ কৰ্মচাৰীয়েই কোভিডত আক্ৰান্ত হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিততে এতিয়াৰে পৰা উচ্চতম ন্যায়ালয়ত হ’বলগীয়া গোচৰৰ শুনানি ভিডিঅ’ কমফাৰেন্সিঙৰ জৰিয়তে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

ন্যায়াধীশ সকলক তেওঁলোকৰ ঘৰৰ পৰাই ভিডিঅ’ কনফাৰেন্সিউৰ জৰিয়তে শুনানি গ্ৰহণ কৰিবলৈ কোৱা হৈছে।

কোভিডৰ আতংকৰ বাবেই উচ্চতম ন্যায়ালয়ৰ বিভিন্ন বিভাগৰ কাম-কাজ আজি প্ৰায় ১ ঘণ্টা পলমকৈ আৰম্ভ হয়।

উল্লেখ্য শনিবাৰে উচ্চতম ন্যায়ালয়ৰ ৪৪ গৰাকী কৰ্মচাৰী কোভিড পজিটিভ হৈছিল।

উচ্চতম ন্যায়ালয়ৰ কিছু সংখ্যক ন্যায়াধীশ ইতিমধ্যে কোভিডত আক্ৰান্ত হৈছিল আৰু তেওঁলোকৰ মাজৰে বহু কেইগৰাকীয়ে ইতিমধ্যে আৰোগ্য লাভ কৰিছে।

কোভিডৰ আতংকৰ পিছতে সমগ্ৰ উচ্চতম ন্যায়ালয়ৰ চৌহদ ছেনিটাইজ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে।