NORTHEAST NOW (Assamese)
অসম

প্ৰাইভেট মেডিকেল কলেজৰ ৫০শতাংশ আসনৰ পাঠ্যক্ৰম মাছুল হ’ব চৰকাৰী কলেজৰ দৰে

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 6, 2022 8:48 am
WhatsApp Image 2022-02-06 at 8.20.00 AM

প্ৰাইভেট মেডিকেল কলেজৰ পাঠ্যক্ৰম মাছুল (ক’ৰ্চ ফী)নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে। এইবাৰৰ পৰা প্ৰাইভেট মেডিকেল কলেজৰ ৫০ শতাংশ আসনৰ পাঠ্যক্ৰম মাছুল চৰকাৰী কলেজৰ দৰেই একে হ’ব।

প্ৰাথমিকভাৱে অৱশ্যে কেৱল চৰকাৰী কোটাৰ আসন বাচি লোৱা সকলেহে এই সুবিধা লাভ কৰিব।

শনিবাৰে নেশ্যনেল মেডিকেল কমিছনৰ ফালৰ পৰা এক বিবৃতিত কোৱা হৈছে- বিশেষজ্ঞ সমিতিৰ আলোচনাৰ পিছত সিদ্ধান্ত লোৱা হৈছে যে যিকোনো ৰাজ্য বা কেন্দ্ৰীয়শাসিত অঞ্চলত যিবোৰ চৰকাৰী মেডিকেল কলেজ আছে তাৰ স্নাতক বা স্নাতকোত্তৰ পৰ্যায়ত যিধৰণৰ পাঠ্যক্ৰম মাছুল হয়, সেই একেই মাছুল প্ৰাইভেট মেডিকেল কলেজৰ ৫০শতাংশ আসনত ল’ব লাগিব।

লগতে পঢ়ক: U-19 World Cup: অনুৰ্দ্ধ-১৯ বিশ্বকাপ ক্ৰিকেটত ইংলেণ্ডক বিধ্বস্ত কৰি বিশ্ব চেম্পিয়ন ভাৰত

যিসকলে চৰকাৰৰ কোটাৰ আসন বাচি লৈছে তেওঁলোকে প্ৰথম এই মাছুলৰ সুবিধা পাব। যদি চৰকাৰৰ কোটাৰ আসন সংখ্যা ৫০শতাংশৰ কম হয় তেতিয়াহ’লে সম্পূৰ্ণ মেধাৰ ভিত্তিত বাকী প্ৰাৰ্থীসকলক সেই সুবিধা দিয়া হ’ব।

উল্লেখ্য যে পূৰ্বতে প্ৰাইভেট মেডিকেল কলেজসমূহক পাঠ্যক্ৰম মাছুল নিৰ্দ্ধাৰণৰ ক্ষেত্ৰত সম্পূৰ্ণ কৰ্তৃত্ব দিয়া হৈছিল।