DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

U-19 World Cup: অনুৰ্দ্ধ-১৯ বিশ্বকাপ ক্ৰিকেটত ইংলেণ্ডক বিধ্বস্ত কৰি বিশ্ব চেম্পিয়ন ভাৰত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 6, 2022 7:47 am
89374421
126
VIEWS
Share on FacebookShare on Twitter

অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ ফাইনেলত ইংলেণ্ডক ৪ উইকেটত পৰাজিত কৰি বিশ্ব চেম্পিয়ন হ’ল ভাৰত।

শনিবাৰে এন্টিগুৱাত টছত জিকি প্ৰথমে বেটিং কৰাৰ সিদ্ধান্ত লয় ইংলেণ্ড দলটোৱে। ইনিংছৰ আৰম্ভণিতেই পেচাৰ ৰবি কুমাৰে অধিনায়ক টম পেষ্টসহ দুগৰাকী ইংলেণ্ড বেটাৰক পেভলিয়নলৈ ওভতাই পঠিয়ায়।

আনটো দিশেৰে আন এগৰাকী পেচাৰ ৰাজ বাওয়াইও সমানে আঘাত হানে। দুই ভাৰতীয় পেচাৰৰ দমনীয় প্ৰদৰ্শনত ইংলেণ্ডৰ যুৱ দলটো থৰকবৰক হৈ পৰে। এটা সময়ত ইংলেণ্ডৰ স্ক’ৰ হয়গৈ ৭উইকেটত মাত্ৰ ৯১ৰাণ।

কিন্তু অষ্টম উইকেটৰ যুটীত জেমছ ৰিউ আৰু জেমছ ছেলছে খেলৰ গতি কিছু সলনি কৰি দিয়ে। অৱশেষত ৪৪.৫ অভাৰত ইংলেণ্ডৰ দলটো ১৮৯ৰাণত অল আউট হৈ যায়।

লগতে পঢ়ক: স্বাস্থ্যৰ অৱনতি! পুনৰ ভেন্টিলেশ্যনলৈ নিয়া হৈছে কিংবদন্তি কণ্ঠশিল্পী লতা মংগেশকাৰক

ইংলেণ্ডৰ হৈ  জেমছ ৰিউৱে ৯৫ৰাণ কৰে। ভাৰতৰ ৰাজ বাওয়াই মাত্ৰ ৩১ৰাণ দি ৫টা উইকেট দখল কৰে। ৰবি কুমাৰে দখল কৰে ৪টা উইকেট।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ নামি ভাৰতৰ আৰম্ভণিটোও সন্তোষজনক নহ’ল। অপেনাৰ অংগৰিশ শূন্য ৰাণত আউট হোৱাৰ পাছত অধিনায়ক যশ ধূল আৰু হাৰ্ণুৰ সিঙো ক্ৰমে ১৭ আৰু ২১ৰাণ কৰি আউট হয়।

ইয়াৰ পাছতে ভাৰতৰ ইনিংছ আগবঢ়াই নিয়ে সাইক ৰছিদ, নিশান্ত সাধু আৰু ৰাজ বাওয়াই। ৰছিদে অৰ্দ্ধ শতক কৰে। বলিঙত দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা ৰাজ বাওয়াই বেটিঙতো অনবদ্য ৩৫ৰাণৰ বৰঙণি যোগায়।

কিন্তু ভাৰতক বিজয়ৰ পথলৈ লৈ গৈ নায়কত পৰিণত হয় নিশান্ত সিন্ধু। নিশান্তে অপৰাজিত ৫০ ৰাণৰ এক দৰ্শনীয় ইনিংছ খেলে।

ভাৰতে এইবাৰকে ধৰি মুঠ পাঁচবাৰ অনুৰ্দ্ধ-১৯ বিশ্বকাপৰ চেম্পিয়নৰ খিতাপ জিকিলে। অন্তিম চাৰিখন বিশ্বকাপতেই ভাৰতে ফাইনেল খেলিছে। শেষবাৰ ২০১৮ চনত শুভমন গীলৰ নেতৃত্বৰ ভাৰতীয় দলটো চেম্পিয়ন হৈছিল। এইবাৰ যশ ধূলৰ নেতৃত্বৰ পুনৰ লিখা হ’ল ইতিহাস।    

Recent News

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

মানৱকেন্দ্ৰিক বিকাশত গুৰুত্ব দিয়ক, বানগ্ৰস্ত লোকক উদ্ধাৰ কৰক,অমানৱীয় উচ্ছেদ বন্ধ কৰক:অসম নাগৰিক সমাজ

Rajya Sabha Secretariat

দুবছৰ বিৰতিৰ পাছত ৰাজ্যসভা সচিবালয়ত উপস্থিতিৰ প্ৰামাণিকৰ বাবে পুনৰ বায়োমেট্ৰিক পদ্ধতি

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

কোভিডে সৃষ্টি কৰা দুখন ছবি: প্ৰতি ৩০ ঘণ্টাত এজনকৈ লোক হৈছে কোটিপতি!

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

বিধ্বস্ত ৰাষ্ট্ৰীয় ঘাইপথ; শিৱসাগৰত প্ৰতিবাদত নামিল আছু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd