কাজিৰঙাৰ ৰঙাজানত ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰীবাহী ট্ৰেভেলাৰ আৰু এখন কণ্টেইনাৰ ট্ৰাকৰ মাজত হোৱা মুখামুখি সংঘৰ্ষই সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ। প্ৰাথমিক খবৰ অনুসৰি, এই ভয়ংকৰ দুৰ্ঘটনাত ১৫জনতকৈ অধিক লোকৰ মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। অৱশ্যে মৃতকৰ প্ৰকৃত সংখ্যা এই মুহূৰ্তলৈকে নিশ্চিত হোৱা নাই।
জানিব পৰা মতে, যোৰহাটৰ পৰা নগাঁও অভিমুখে আহি আছিল যাত্ৰীবাহী ট্ৰেভেলাৰখন। বাহনখনত ৩৫জনতকৈ অধিক যাত্ৰী থকা বুলি জানিব পৰা গৈছে। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰেভেলাৰখনৰ সৈতে কণ্টেইনাৰ ট্ৰাকখনৰ মুখামুখি সংঘৰ্ষ হোৱাৰ ফলত কেইবাজনো যাত্ৰী গুৰুতৰভাৱে আহত হয়। আহতসকলক উদ্ধাৰ কৰি কঁহৰা আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাস্থলীত উদ্ধাৰ অভিযান চলোৱাৰ লগতে দুৰ্ঘটনাটোক কেন্দ্ৰ কৰি অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য।
এই ভয়ংকৰ দুৰ্ঘটনাৰ পাছতে পুনৰ প্ৰশ্নৰ সন্মুখীন হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ মেৰামতি আৰু তদাৰকৰ দায়িত্বত থকা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ । স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি, বছৰ বছৰ ধৰি এই পথছোৱাৰ মেৰামতিৰ দাবী জনাই অহাৰ লগতে বিভিন্ন সময়ত প্ৰতিবাদো সাব্যস্ত কৰি আহিছে। কিন্তু ৰাইজৰ এই দাবীৰ প্ৰতি সংশ্লিষ্ট কৰ্তৃপক্ষই যথোচিত গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন হৈছে।





