কংগ্ৰেছৰ সাংসদ তথা লোকসভাত বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে দাবী কৰে যে তেওঁৰ ফোন টেপ কৰা হৈছে। তেওঁ কয়, “মোৰ সকলো অভিযোগৰ প্ৰমাণ মোৰ ফোনত আছে, যিটো প্ৰধানমন্ত্ৰীয়ে টেপ কৰি আছে। এটা এটাকৈ বিতৰ্কত প্ৰমাণ হৈ যাব কোনে বিদেশী শক্তিৰ নিৰ্দেশত কাম কৰি আছে, কোন ৰাষ্ট্ৰ বিৰোধী, আৰু কিমান দিন ধৰি তেওঁলোকে ৰাষ্ট্ৰ বিৰোধী কামত জড়িত হৈ আছে। ইয়াৰ উপৰিও আন বহু তথ্য আছে যিবোৰ মই জানো আৰু যিবোৰ মোৰ ফোনত মজুত আছে।”
শুকুৰবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে পুনৰবাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক মুখামুখিকৈ ৰাজহুৱা বিতৰ্কৰ বাবে প্ৰত্যাহ্বান জনায়। তেওঁ দাবী কৰে যে যদি দুয়োৰে মাজত এটা এটাকৈ বিতৰ্ক হয়, তেন্তে নৰেন্দ্ৰ মোডী আৰু প্ৰধানমন্ত্ৰী হৈ নাথাকিব।
ইনষ্টাগ্ৰামত “Ask Me” ছেছনৰ সময়ত ৰাহুলক সোধা হৈছিল যে সংসদত বিতৰ্কৰ বাবে বিজেপি সাজু হৈ থকাৰ সময়ত তেওঁ কিয় ৰাজহুৱা বিতৰ্কৰ ওপৰত জোৰ দিছে। তেওঁ উত্তৰ দিয়ে যে তেওঁক লোকসভাত কথা ক’বলৈ দিয়া নহয় আৰু তেওঁৰ মাইক্ৰ’ফোন বন্ধ কৰি দিয়া হয়।
ৰাহুল গান্ধীয়ে কয় যে কৃষি আইন, ভোট চুৰি, এছ আই আৰ, চীন, জেনেৰেল নাৰৱনেৰ কিতাপ, এপষ্টেইন আদি বিষয়ত তেওঁক কথা ক’বলৈ দিয়া হোৱা নাই। তেওঁ কয় যে তেওঁ দীঘলীয়া ভাষণেৰে বিতৰ্ক বিচৰা নাই, বৰঞ্চ প্ৰত্যক্ষ কথা-বতৰাহে বিচাৰে য’ত দুয়োজন নেতাই ইজনে সিজনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পাৰে।
ৰাহুলে কয় যে তেওঁ বিচাৰে প্ৰধানমন্ত্ৰী মোডী এফালে আৰু তেওঁ আনফালে বহিব, দুয়োৰে মাজত প্ৰত্যক্ষ প্ৰশ্ন আৰু উত্তৰ চলিব। লগতে বিতৰ্কৰ বাবে গৌতম আদানী বা আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতক ন্যায়াধীশ হিচাপে নিযুক্তি দিলেও তেওঁৰ কোনো আপত্তি নাথাকিব বুলিও কয়।
ৰাহুল গান্ধীয়ে কয় যে ‘মোৰ সৈতে মুখামুখি বিতৰ্কৰ পিছত তেওঁ আৰু প্ৰধানমন্ত্ৰী পদত নাথাকিব বুলি মই নিশ্চয়তা দিছো।‘ ইয়াৰ পূৰ্বেও তেওঁ কেইবাবাৰো মুকলি বিতৰ্কৰ বাবে মোডীক প্ৰত্যাহ্বান জনাইছিল। তেওঁ এবাৰ দাবী কৰিছিল যে তেওঁ পাঁচ মিনিটত প্ৰমাণ কৰিব যে প্ৰধানমন্ত্ৰী “দেশদ্ৰোহী”।
বিজেপি নেতাসকলে ৰাহুলৰ প্ৰত্যাহ্বান নাকচ কৰি সংসদত বিতৰ্কৰ পৰা আঁতৰি থকাৰ অভিযোগ উত্থাপন কৰিছে। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কৈছিল যে সংসদ ইতিমধ্যে বিতৰ্কৰ বাবে উপলব্ধ মঞ্চ আৰু বিৰোধী দলপতি হিচাপে ৰাহুলে গুৰুত্ব আৰু দায়িত্ব দেখুৱাব লাগে।





