লেহৰ অতিৰিক্ত জিলা দণ্ডাধীশে পৰিৱেশ কৰ্মী সোণম ৱাংচুকৰ ওপৰত কেইবাটাও বাধা-নিষেধ আৰোপ কৰিছে। অহা ৬০ দিনৰ বাবে এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১৬৩ নং ধাৰাত জাৰি কৰা এই নিৰ্দেশত ৱাংচুকৰ চলাচলত বাধা আৰোপ কৰা হৈছে। শান্তি বিঘ্নিত কৰিব পৰা আৰু চলি থকা নিৰ্বাচনী প্ৰক্ৰিয়াত ব্যাঘাত জন্মাব পৰা যিকোনো কামত অংশগ্ৰহণ কৰাত বাধা প্ৰদান কৰা হৈছে।
বৃহস্পতিবাৰে ৱাংচুকে অভিযোগ কৰে যে তেওঁক বাস্তৱিকতে ‘গৃহবন্দী’ কৰি ৰখা হৈছে। কেইবাজনো সশস্ত্ৰ প্ৰহৰীয়ে তেওঁৰ বাসগৃহ ঘেৰি ৰখা বুলিও দাবী কৰে। এক্সত এটা পোষ্টত তেওঁ লিখিছে, ‘মই গৃহবন্দী হৈ আছো।’ তেওঁ লগতে কয় যে চৰকাৰৰ বিবৃতি অনুসৰি তেওঁক কেৱল ‘ঘৰতে থাকিবলৈ পৰামৰ্শ’ দিয়া হৈছে।
প্ৰশাসনৰ এই পদক্ষেপক লৈ প্ৰশ্ন উত্থাপন কৰি ৱাংচুকে কয় যে যোৱা বছৰ লেহ হত্যাকাণ্ডত গঠন হোৱা ন্যায়িক তদন্ত আয়োগৰ প্ৰতিবেদন প্ৰকাশ কৰাত পলম হোৱাৰ বাবে আৰু আগন্তুক পৰিষদীয় নিৰ্বাচনক লৈ প্ৰশ্ন উত্থাপন কৰাৰ বাবে তেওঁৰ ওপৰত বাধা আৰোপ কৰা হৈছে।
লাডাখত পঞ্চায়ত আৰু পৌৰসভা নিৰ্বাচন আৰু লাডাখ স্বায়ত্ত শাসিত পাহাৰ উন্নয়ন পৰিষদৰ নিৰ্বাচন আহি আছে। পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচন অহা ২১ নৱেম্বৰত অনুষ্ঠিত হোৱাৰ কথা। আনহাতে লাডাখৰ আঠখন স্বায়ত্তশাসিত পাহাৰীয়া পৰিষদৰ নিৰ্বাচন অহা ৪ ডিচেম্বৰত অনুষ্ঠিত হ’ব।
I AM UNDER HOUSE ARREST
Dozens of armed guards surround my house while the government version says ‘I have been advised to stay at home’. All for asking uncomfortable questions like… why is the Judicial Enquiry Commission Report (of last year’s killings in Leh) is delayed & a phoney Council election is foisted on people with rocket speed in mid winter.
Whole of Ladakh is in protest.
My X, Instagram & YouTube reach have been drastically suppressed in the world’s largest democracy. Please help share this message…— Sonam Wangchuk (@Wangchuk66) November 12, 2026
শীতকালত এই নিৰ্বাচন নকৰাৰ বাবে সোণমে আবেদন জনাইছে। তেওঁৰ দাবী, শীতকালত পঢ়া-শুনা, কাম-কাজ, বন্ধ আৰু তীৰ্থযাত্ৰাৰ বাবে লাডাখৰ এক বৃহৎ অংশই আন ঠাইলৈ যায়। ফলত নিৰ্বাচনৰ সময়ত অঞ্চলটোত বহু ভোটাৰ নাথাকিব। ইয়াৰ ফলত ভোটদানৰ হাৰ হ্ৰাস পোৱাৰ সম্ভাৱনা আছে।





