সৰুতে তেওঁ আমেৰিকাৰ এখন স্কুলত শৌচাগাৰ চাফা কৰিবলগীয়া হৈছিল। কেতিয়াবা ৰেষ্টুৰেণ্টত বাচন ধুইছিল, কেতিয়াবা ওৱেটাৰৰ কাম কৰিছিল। কোনে ভাবিছিল যে এই ল’ৰাটোৱে এদিন পৃথিৱীৰ অন্যতম প্ৰভাৱশালী প্ৰযুক্তি কোম্পানী এটাৰ প্ৰতিষ্ঠাতা হ’ব? তেওঁ হৈছে জেনচেন হুয়াং। এনভিডিয়া, যাৰ কোম্পানীয়ে কৃত্ৰিম বুদ্ধিমত্তা বা এআইৰ জগতখনত কাৰ্যতঃ বৈপ্লৱিক পৰিৱৰ্তন আনিছে।
কিন্তু সফলতাৰ শিখৰত উপনীত হোৱাৰ পিছতো এতিয়া বৃহৎ বিতৰ্কৰ সন্মুখীন হৈ কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া পদৰ পৰা তেওঁ পদত্যাগ কৰিছে। এনভিডিয়াৰ সৈতে তেওঁৰ ৩৩ বছৰীয়া সম্পৰ্ক শেষ। তেওঁৰ ব্যক্তিগত জীৱনক লৈ বিতৰ্ক, চীনৰ সৈতে সম্ভাৱ্য যোগাযোগক লৈ আমেৰিকাৰ চোৰাংচোৱাৰ সন্দেহ – এই সকলোবোৰে প্ৰযুক্তি জগতৰ এই মহাতাৰকাগৰাকীক আলোচনাৰ কেন্দ্ৰবিন্দু কৰি তুলিছে।
শৈশৱৰ সংগ্ৰাম, চাফা কৰিবলগীয়া হৈছিল শৌচাগাৰ
১৯৬৩ চনত টাইৱানৰ টাইপেইত জন্মগ্ৰহণ কৰা জেনচেন হুয়াঙৰ জন্মৰ সময়ত তেওঁৰ নাম আছিল জেন-হুন হুয়াং। তেওঁ সৰুতে পৰিয়ালসহ থাইলেণ্ডলৈ গুচি যায়। পিছলৈ তেওঁৰ পিতৃ-মাতৃয়ে তেওঁক আৰু তেওঁৰ ভাতৃক উন্নত ভৱিষ্যতৰ আশাত আমেৰিকালৈ পঠিয়াই দিয়ে।
কিন্তু আমেৰিকাৰ জীৱনটো একেবাৰেই সহজ নাছিল। কেন্টাকিৰ এখন বৰ্ডিং স্কুলত থাকিব লগা হৈছিল। সেই বিদ্যালয়খনৰ পৰিৱেশ যথেষ্ট কঠিন আছিল। সেই সময়ত হুয়াং ইংৰাজীত বৰ সাৱলীল নাছিল। সহপাঠীসকলৰ পৰা তেওঁ মানসিক হাৰাশাস্তিৰ সন্মুখীন হ’বলগীয়া হৈছিল। আনকি স্কুলত শৌচাগাৰ চাফা কৰাৰ কামো কৰিব লগা হৈছিল।
অৱশ্যে পিছলৈ তেওঁ জীৱনৰ সেই কঠিন অভিজ্ঞতাক নিজৰ শক্তি হিচাপে দেখিছে। এক সাক্ষাৎকাৰত তেওঁ কয় যে সেই সময় যদিও কঠিন আছিল, শেষত তেওঁৰ বাবে ই এক গুৰুত্বপূৰ্ণ শিক্ষা আছিল।
পিছলৈ হুয়াঙে অৰেগনত থকা পৰিয়ালৰ ওচৰলৈ উভতি আহে। কিশোৰ অৱস্থাত তেওঁ আমেৰিকাৰ জনপ্ৰিয় ৰেষ্টুৰেণ্ট চেইন ডেনিছত কাম কৰিবলৈ আৰম্ভ কৰে। প্ৰথমে তেওঁ বাচন-বৰ্তন ধুইছিল, পিছলৈ তেওঁ এজন ওৱেটাৰৰ কৰ্তব্যও চম্ভালিছিল। কৰ্মৰ প্ৰতি সমৰ্পণ আৰু সময়ৰ সঠিক ব্যৱহাৰ তেওঁৰ অন্যতম শক্তি আছিল।
ৰেষ্টুৰেণ্টৰ এখন টেবুলৰ পৰাই জন্ম হৈছিল এনভিডিয়াৰ
১৯৯৩ চনত ছিলিকন ভেলীৰ ডেনিছ ৰেষ্টুৰেণ্টত বহি তিনিজন বন্ধুৱে এটা নতুন কোম্পানী গঢ়ি তোলাৰ পৰিকল্পনা কৰিছিল। তেওঁলোক আছিল জেনচেন হুয়াং, ক্ৰীছ মালাচ’স্কি আৰু কাৰ্টিছ প্ৰিয়েম। তেওঁলোকৰ হাতত আছিল মাত্ৰ ৪০ হাজাৰ ডলাৰ। সেই সৰু পুজিৰ পৰাই আৰম্ভ হৈছিল Nvidia ৰ যাত্ৰা।
তেওঁলোকৰ লক্ষ্য আছিল সাধাৰণ কম্পিউটাৰে কৰিব নোৱাৰা কঠিন প্ৰযুক্তি সৃষ্টি কৰা। সেই ধাৰণাটোৰ পৰাই কোম্পানীটোৱে গ্ৰাফিক্স প্ৰচেছিং ইউনিট বা জিপিইউ সৃষ্টিৰ দিশত আগবাঢ়িছিল।
১৯৯৯ চনত এনভিডিয়াই প্ৰথম GPU সৃষ্টি কৰিছিল।প্ৰথম অৱস্থাত এই প্ৰযুক্তি মূলতঃ কম্পিউটাৰ গেমৰ গ্ৰাফিক্স উন্নত কৰাৰ বাবে ব্যৱহাৰ কৰা হৈছিল। কিন্তু সময়ৰ লগে লগে জিপিইউৰ গুৰুত্ব সলনি হ’ল। কৃত্ৰিম বুদ্ধিমত্তাৰ জটিল গণনা আৰু বৃহৎ পৰিমাণৰ তথ্য প্ৰক্ৰিয়াকৰণত এই প্ৰযুক্তি অতি গুৰুত্বপূৰ্ণ হৈ পৰে।
আজি শক্তিশালী GPU সমূহেও ChatGPT ৰ দৰে জেনেৰেটিভ AI প্ৰযুক্তিৰ আঁৰত ভূমিকা পালন কৰে। ফলত এনভিডিয়াৰ চাহিদা বাঢ়ি গৈ থাকিল। কোম্পানীটো এআই বিপ্লৱৰ অন্যতম মূল প্ৰযুক্তি প্ৰদানকাৰী হিচাপে পৰিগণিত হয়।
ক’লা চামৰাৰ জেকেটৰ বাবে পৰিচিত, শ শ কোটি ডলাৰৰ সম্পত্তি
এসময়ত জেনচেন হুয়াং প্ৰযুক্তি জগতৰ বাহিৰত বৰ বেছি পৰিচিত নাছিল। কিন্তু এআইৰ উত্থানৰ লগে লগে তেওঁৰ জনপ্ৰিয়তাও বৃদ্ধি পালে। ক’লা টি-চাৰ্ট আৰু চামৰাৰ জেকেট তেওঁৰ পৰিচয়ৰ অংশ হৈ পৰিল। আনকি তেওঁৰ শৰীৰত এনভিডিয়াৰ ল’গ’ৰ টেটুও আছে।
এনভিডিয়াৰ বজাৰ মূল্য প্ৰায় ৪.৫ ট্ৰিলিয়ন ডলাৰলৈ বৃদ্ধি পালে। কোম্পানীটোৰ প্ৰায় ৩.৬ৰ পৰা ৪ শতাংশ শ্বেয়াৰৰ মালিকীস্বত্বৰ বাবে হুয়াঙৰ ব্যক্তিগত সম্পত্তিও অতিশয় বৃদ্ধি পায়। ফৰ্বছৰ তথ্য অনুসৰি তেওঁৰ সম্পত্তিৰ পৰিমাণ প্ৰায় ১৬০ বিলিয়ন ডলাৰ।
অৱশ্যে কৰ্মচাৰীৰ প্ৰতি তেওঁৰ পৰিচয় কেৱল এজন সফল মুখ্য কাৰ্যবাহী বিষয়া হিচাপেই নহয়। তেওঁ এজন অতি পৰিশ্ৰমী আৰু কঠোৰ পৰিচালক হিচাপেও পৰিচিত আছিল। তেওঁ কোম্পানীটোৰ কৰ্মচাৰীসকলক সদায় সোঁৱৰাই দিছিল যে ব্যৱসায়ত আত্মতুষ্টিৰ কোনো স্থান নাই।
ৱাশ্বিংটনৰ সৈতে ঘনিষ্ঠতা, চীনক লৈ বিতৰ্ক
এনভিডিয়াৰ ব্যৱসায় বৃদ্ধি পোৱাৰ লগে লগে আমেৰিকাৰ ৰাজনীতিত হুয়াঙৰ গুৰুত্ব অধিক হৈ পৰিল। বিশেষকৈ চীনলৈ উন্নত এআই চিপ ৰপ্তানি কৰাৰ বিষয়ত তেওঁৰ স্থিতিক লৈ আমেৰিকা প্ৰশাসনৰ সৈতে কেইবাটাও বিতৰ্কৰ সৃষ্টি হৈছে।
চীনে নিজৰ সামৰিক বাহিনীত উন্নত প্ৰযুক্তি ব্যৱহাৰ নকৰাৰ বাবে আমেৰিকা প্ৰশাসনে এআই চিপ ৰপ্তানিত বাধা আৰোপ কৰিছিল। হুয়াঙে কয় যে অতিৰিক্ত নিষেধাজ্ঞাৰ ফলত আমেৰিকাৰ অৰ্ধপৰিবাহী উদ্যোগৰ ক্ষতি হ’ব পাৰে। দ্বিতীয় কাৰ্যকালত ড’নাল্ড ট্ৰাম্পৰ সৈতেও তেওঁ অধিক ঘনিষ্ঠ হৈ পৰিছিল। তেওঁ আমেৰিকাৰ প্ৰশাসনৰ সৈতে এআই আৰু প্ৰযুক্তি উদ্যোগৰ ওপৰত কেইবাটাও আলোচনাত অংশগ্ৰহণ কৰে।
কিন্তু শেহতীয়াকৈ তেওঁৰ ব্যক্তিগত জীৱনক লৈ হোৱা বিতৰ্কই নতুন ৰূপ লৈছে। আমেৰিকাৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এলিছ হুয়াং নামৰ চীনা নাগৰিকৰ সৈতে তেওঁৰ সম্পৰ্কৰ তদন্ত আৰম্ভ হৈছে। মহিলাগৰাকী ছিংগাপুৰৰ এটা ডাটা চেণ্টাৰ কোম্পানীত প্ৰাক্তন কাৰ্যবাহী আছিল। আমেৰিকাৰ চোৰাংচোৱা সংস্থাই সন্দেহ কৰিছে যে চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতে তেওঁৰ সম্পৰ্ক থাকিব পাৰে। অৱশ্যে চীনৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই অভিযোগক ভিত্তিহীন বুলি উলাই কৰিছে।
হঠাতে তেওঁ চিইঅ’ৰ পদ এৰিলে, কি ঘটনা?
৮ নৱেম্বৰত এনভিডিয়াৰ কৰ্মচাৰীসকললৈ লিখা এখন পত্ৰত হুয়াঙে বিবাহ বহিৰ্ভূত প্ৰেমৰ সম্পৰ্ক থকাৰ কথা স্বীকাৰ কৰিছিল আৰু দুখ প্ৰকাশ কৰিছিল। ইয়াৰ পিছত তেওঁক লৈ বিতৰ্ক আৰু বাঢ়িল। ১১ নৱেম্বৰত এনভিডিয়াৰ এজন কৰ্মচাৰীৰ সৈতে তেওঁৰ ঘনিষ্ঠ সম্পৰ্কৰ অভিযোগো আমেৰিকাৰ সংবাদ মাধ্যমত প্ৰকাশ পালে। অৱশ্যে এই অভিযোগৰ সত্যতা হুয়াং বা কোম্পানীটোৱে নিশ্চিত কৰা নাই।
তাৰ পাছত বৃহস্পতিবাৰে (১২ নৱেম্বৰ) এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙে (৬৩) হঠাতে পদত্যাগ কৰে। তেওঁ কোম্পানীটোৰ পৰিচালনা বোৰ্ডৰ পৰাও পদত্যাগ কৰে। এনভিডিয়াই তেওঁৰ পদত্যাগৰ নিৰ্দিষ্ট কাৰণ ৰাজহুৱাভাৱে প্ৰকাশ কৰা নাছিল। সদ্যহতে কোম্পানীটোৰ চিএফঅ’ কলেট ক্ৰেছক অন্তৱৰ্তীকালীন চিইঅ’ৰ দায়িত্ব দিয়া হৈছে। স্থায়ী উত্তৰাধিকাৰী বিচাৰি উলিওৱাৰ প্ৰক্ৰিয়াও আৰম্ভ হৈছে।
যি মানুহজন দুজন বন্ধুৰ সৈতে ৰেষ্টুৰেণ্টৰ টেবুলত বহি মাত্ৰ ৪০ হাজাৰ ডলাৰেৰে ব্যৱসায়ৰ সপোন দেখিছিল, তেওঁৰ নেতৃত্বতে এনভিডিয়াই প্ৰযুক্তি জগতৰ শীৰ্ষস্থান দখল কৰিলে। কিন্তু জেনচেন হুয়াঙৰ শেহতীয়া অধ্যায়টোৱে সফলতা, বিশাল সম্পদ আৰু বিশ্বব্যাপী স্বীকৃতিৰ পিছতো ব্যক্তিগত বিতৰ্কই কিমান ডাঙৰ প্ৰভাৱ পেলাব পাৰে তাৰ এক ডাঙৰ দৃষ্টান্ত হৈ পৰিল।





