বিতৰ্কিত ধৰ্মীয় বক্তা জাকিৰ নায়েকৰ প্ৰতিষ্ঠিত সংস্থা ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন (IRF)-ৰ বিৰুদ্ধে পুনৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। সংস্থাটোৰ ওপৰত থকা নিষেধাজ্ঞাৰ সময়সীমা আৰু পাঁচ বছৰৰ বাবে বৃদ্ধি কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। শুকুৰবাৰে জাৰি কৰা এক বিজ্ঞপ্তিযোগে সংস্থাটোক পুনৰ বেআইনী সংগঠন হিচাপে ঘোষণা কৰিছে কেন্দ্ৰই। কেন্দ্ৰীয় চৰকাৰৰ মতে, সংস্থাটোৰ কাৰ্যকলাপে দেশৰ নিৰাপত্তা, সাম্প্ৰদায়িক সম্প্ৰীতি আৰু ধৰ্মনিৰপেক্ষ ব্যৱস্থাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিব পাৰে।
কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ চৰকাৰী এক্স হেণ্ডেলতো এই সিদ্ধান্তৰ কথা প্ৰকাশ কৰা হৈছে। পোষ্টটোত কোৱা হৈছে যে সন্ত্ৰাসবাদ আৰু দেশবিৰোধী কাৰ্যকলাপৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিছে। সেই নীতিৰ আধাৰতে বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (UAPA)-ৰ অধীনত ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচনৰ নিষেধাজ্ঞাৰ সময়সীমা পুনৰ পাঁচ বছৰলৈ বৃদ্ধি কৰা হৈছে।
গৃহ মন্ত্ৰালয়ৰ অভিযোগ অনুসৰি, জাকিৰ নায়েকৰ নেতৃত্বাধীন সংস্থাটোৱে সাম্প্ৰদায়িক বিদ্বেষ বিয়পোৱা আৰু সন্ত্ৰাসবাদক সমৰ্থন কৰাৰ দৰে কাৰ্যকলাপত জড়িত। সংস্থাটোৱে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী চিন্তাধাৰাৰ প্ৰচাৰ কৰাৰ লগতে হিংসাত্মক ঘটনা সংঘটিত কৰিবলৈ উচটনি দিয়া, পলাতক সন্ত্ৰাসবাদীসকলক পুনৰ সংগঠিত হোৱাত সহায় কৰা আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সংঘাত সৃষ্টি কৰাৰ চেষ্টা চলোৱাৰ অভিযোগো উত্থাপন কৰিছে কেন্দ্ৰই।
উল্লেখ্য যে ১৯৯১ চনৰ ফেব্ৰুৱাৰী মাহত মুম্বাইত ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন প্ৰতিষ্ঠা কৰিছিল জাকিৰ নায়েকে। পৰৱৰ্তী সময়ত তেওঁ ভাৰত এৰি মালয়েছিয়াত বসবাস কৰিবলৈ লয়। ভাৰতীয় প্ৰশাসন আৰু তদন্তকাৰী সংস্থাসমূহে দীৰ্ঘদিন ধৰি জাকিৰ নায়েক আৰু তেওঁৰ সংস্থাৰ বিৰুদ্ধে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে। অভিযোগ অনুসৰি, তেওঁৰ কেতবোৰ বক্তব্য আৰু ভাষণে বিভিন্ন ধৰ্মীয় সম্প্ৰদায়ৰ মাজত বিদ্বেষ আৰু শত্ৰুতাৰ সৃষ্টি কৰিব পাৰে।
ইয়াৰ পূৰ্বে ২০১৬ চনৰ ১৭ নৱেম্বৰত প্ৰথমবাৰৰ বাবে ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচনক বেআইনী সংগঠন ঘোষণা কৰি পাঁচ বছৰৰ বাবে নিষিদ্ধ কৰিছিল কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। পৰৱৰ্তী সময়ত ২০২১ চনৰ ১৫ নৱেম্বৰত এই নিষেধাজ্ঞাৰ সময়সীমা পুনৰ পাঁচ বছৰলৈ বৃদ্ধি কৰা হৈছিল। পূৰ্বৰ নিষেধাজ্ঞাৰ ম্যাদ ২০২৬ চনৰ ১৪ নৱেম্বৰত অন্ত পৰাৰ কথা আছিল। তাৰ ঠিক আগতেই নতুনকৈ বিজ্ঞপ্তি জাৰি কৰি আৰু পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা বৃদ্ধি কৰিলে কেন্দ্ৰীয় চৰকাৰে।
বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন, ১৯৬৭-ৰ ৩ নম্বৰ ধাৰাৰ ১ আৰু ৩ উপধাৰাৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কেন্দ্ৰৰ বিজ্ঞপ্তি অনুসৰি, চৰকাৰী গেজেটত প্ৰকাশ পোৱাৰ তাৰিখৰ পৰা পৰৱৰ্তী পাঁচ বছৰলৈ সংস্থাটোক বেআইনী সংগঠন হিচাপে গণ্য কৰা হ’ব।
গৃহ মন্ত্ৰালয়ৰ দাবী অনুসৰি, সংস্থাটোৰ প্ৰতিষ্ঠাপক তথা সভাপতি জাকিৰ আব্দুল কৰিম নায়েক আৰু তেওঁৰ অনুগামীসকলে ধৰ্মৰ ভিত্তিত বিভিন্ন সম্প্ৰদায়ৰ মাজত বিভেদ, ঘৃণা আৰু শত্ৰুতাৰ মনোভাব বিয়পোৱাত উৎসাহ যোগাই আহিছে। জাকিৰ নায়েকৰ বিভিন্ন বক্তব্য আৰু ভাষণ আপত্তিজনক আৰু উচটনিমূলক বুলিও অভিযোগ কৰিছে কেন্দ্ৰই। মন্ত্ৰালয়ৰ মতে, এই বক্তব্যসমূহৰ জৰিয়তে ভাৰত আৰু বিদেশৰ একাংশ যুৱকক সন্ত্ৰাসবাদী কাৰ্যকলাপৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা হৈছে।
আন্তঃৰাষ্ট্ৰীয় উপগ্ৰহ টেলিভিছন, ইণ্টাৰনেট, ছপা মাধ্যম আৰু সামাজিক মাধ্যমৰ জৰিয়তে জাকিৰ নায়েকে বিশ্বৰ লাখ লাখ লোকৰ মাজত এনে বক্তব্য প্ৰচাৰ কৰা বুলিও বিজ্ঞপ্তিত উল্লেখ কৰা হৈছে। কেন্দ্ৰৰ আশংকা, সংস্থাটোৰ কাৰ্যকলাপ নিয়ন্ত্ৰণ নকৰিলে ইয়াৰ সদস্যসকলে পুনৰ সংগঠিত হৈ সাম্প্ৰদায়িক অশান্তি সৃষ্টি কৰাৰ লগতে সন্ত্ৰাসবাদ আৰু বিচ্ছিন্নতাবাদী কাৰ্যকলাপক উৎসাহিত কৰাৰ সুযোগ লাভ কৰিব পাৰে। এনে কাৰ্যকলাপে দেশৰ সাৰ্বভৌমত্ব, অখণ্ডতা আৰু নিৰাপত্তাৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে বুলিও প্ৰকাশ কৰিছে কেন্দ্ৰই।
উল্লেখ্য যে ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচনক বেআইনী সংগঠন ঘোষণা কৰাৰ সিদ্ধান্তৰ বৈধতা পৰীক্ষা কৰিবলৈ ইউএপিএ আইনৰ ৫ নম্বৰ ধাৰাৰ অধীনত গঠন কৰা হৈছিল বিশেষ ন্যায়াধিকৰণ। পূৰ্বৰ নিষেধাজ্ঞাৰ বিৰুদ্ধে গঠন হোৱা এই ন্যায়াধিকৰণে ২০১৭ চনৰ ২২ মে’ আৰু ২০২২ চনৰ ৩০ মাৰ্চত দিয়া নিৰ্দেশত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত বাহাল ৰাখিছিল। এতিয়া পুনৰ পাঁচ বছৰৰ বাবে নিষেধাজ্ঞা বৃদ্ধি কৰাৰ পাছত জাকিৰ নায়েকৰ সংস্থাটোৰ বিৰুদ্ধে কেন্দ্ৰৰ কঠোৰ স্থিতি অব্যাহত থকাটো স্পষ্ট হৈ পৰিছে।


