• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2026 8:04 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত এতিয়া আইন-শৃংখলাৰ পৰিৱৰ্তে ছিণ্ডিকেট আৰু মাফিয়া চক্ৰৰহে ৰাজত্ব চলিছে নেকি? অবৈধ কয়লাৰ সৰবৰাহৰ অভিযোগ উত্থাপন কৰি এইবাৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰিল শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পোনপটীয়াকৈ আক্ৰমণ কৰি তেওঁ ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা দিয়াৰ লগতে অসমক এখন ‘মাফিয়াৰ ৰাজ্য’লৈ পৰিণত কৰাৰ অভিযোগ উত্থাপন কৰিছে। তেওঁৰ দাবী, অসম এতিয়া আৰক্ষী-প্ৰশাসনে নহয়, ছিণ্ডিকেট চক্ৰইহে পৰিচালনা কৰিছে।

১০ নৱেম্বৰত দিছপুৰৰ বিধায়ক আবাসত অনুষ্ঠিত এখন সংবাদমেলত ৰাজ্যৰ কয়লা ছিণ্ডিকেট, অবৈধ সৰবৰাহ, আৰক্ষী-প্ৰশাসনৰ ভূমিকা আৰু চৰকাৰৰ শীৰ্ষ নেতৃত্বৰ সৈতে এই সন্দৰ্ভত হোৱা যোগাযোগৰ বিষয়ে বিস্তৃত তথ্য দাঙি ধৰে অখিল গগৈয়ে। কেৱল কয়লাৰ সৰবৰাহতে নহয়, চুপাৰি, কাঠ আৰু গৰুৰ অবৈধ ব্যৱসায়ৰ নামতো ৰাজ্যত বৃহৎ পৰিমাণৰ ধন সংগ্ৰহ চলি থকাৰ অভিযোগ কৰে বিধায়কগৰাকীয়ে।

Apply Now

অখিল গগৈৰ মতে, এজন নিৰ্বাচিত বিধায়কে নিজৰ চকুৰ সন্মুখত অবৈধভাৱে কয়লা কঢ়িওৱা ট্ৰাক চলাচল কৰা দেখাৰ পিছতো চৰকাৰৰ শীৰ্ষ নেতৃত্ব আৰু আৰক্ষীৰ বিষয়াসকলক অৱগত কৰাই কোনো ফল পোৱা নাই। এই সন্দৰ্ভত তেওঁ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱা, আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হীৰেন নাথ, মুখ্য সচিবৰ লগতে শিৱসাগৰ, যোৰহাট আৰু চৰাইদেউ জিলাৰ উপায়ুক্ত তথা আৰক্ষী অধীক্ষকসকলকো বাৰ্তা প্ৰেৰণ কৰিছিল বুলি জানিবলৈ দিয়ে। কিন্তু তিনিদিন ধৰি অভিযোগৰ ভিত্তিত কোনো কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰাত বিষয়টো ৰাজহুৱা কৰিবলৈ বাধ্য হোৱা বুলি কয় তেওঁ।

সংবাদমেলত বিধায়কগৰাকীয়ে পশ্চিমবংগৰ সীমান্তত অসমৰ পৰা যোৱা কয়লা, চুপাৰি আৰু গৰু কঢ়িওৱা একাংশ ট্ৰাক আবদ্ধ হৈ থকাৰ কথাও উল্লেখ কৰে। তেওঁৰ দাবী অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰ্যায়ৰ পৰা এই ট্ৰাকসমূহৰ চলাচল বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। পশ্চিমবংগৰ মুখ্যমন্ত্ৰীয়ে ব্যক্তিগতভাৱে ট্ৰাকসমূহ ৰখাই দিয়া বুলি চৰ্চা চলিলেও ইয়াৰ আঁৰত কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত থকা বুলি তেওঁ জানিবলৈ পোৱা বুলি কয়। ইয়াৰ ফলত বহু ট্ৰাক উভতি আহিবলৈ বাধ্য হৈছে বুলিও দাবী কৰে অখিল গগৈয়ে।

পশ্চিমবংগৰ পথেৰে কয়লা সৰবৰাহত বাধা অহাৰ পিছতে বিকল্প পথেৰে এই ব্যৱসায় চলাই নিয়াৰ পৰিকল্পনা কৰা হৈছে বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে। তেওঁৰ মতে, মেঘালয়ৰ পৰা অনা কয়লা অসমৰ যোৰাবাট, জাগীৰোড, নগাঁও, কাজিৰঙা, দেৰগাঁও, শিৱসাগৰ আৰু নাজিৰাৰ মাজেৰে হালোৱাটিং হৈ নাগালেণ্ডৰ তুলী অথবা অসমৰ লাকুৱা ৰে’ল ষ্টেচনলৈ নিয়াৰ পৰিকল্পনা কৰা হৈছে। তাৰ পৰা ৰে’লযোগে কয়লা বাহিৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰাৰ অভিযোগ উত্থাপন কৰে তেওঁ। আন্তঃৰাষ্ট্ৰীয় পৰিস্থিতি আৰু যুদ্ধৰ ফলত আমদানিকৃত কয়লাৰ দাম বৃদ্ধি পোৱাত এই ব্যৱসায়ত লাভৰ পৰিমাণো বৃদ্ধি পাইছে বুলি উল্লেখ কৰি সেই সুযোগতে বিকল্প পথেৰে কয়লা সৰবৰাহ অব্যাহত ৰখাৰ চেষ্টা চলা বুলি তেওঁ দাবী কৰে।

নিজৰ সমষ্টিৰ জাঁজী নৈৰ সমীপত প্ৰায় ৪০ৰ পৰা ৪২খন কয়লাভৰ্তি ট্ৰাক ৰৈ থকা প্ৰত্যক্ষ কৰাৰ কথাও সংবাদমেলত উল্লেখ কৰে অখিল গগৈয়ে। তেওঁৰ মতে, জাঁজী-হাঁহচৰা ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত ৰৈ থকা ট্ৰাকসমূহৰ বিষয়ে সোধ-পোছ কৰাত সেইবোৰ মেঘালয়ৰ পৰা আহি নাগালেণ্ডৰ তুলীলৈ যোৱাৰ কথা জানিব পাৰে। ইয়াৰ পিছতে তেওঁ মুখ্যমন্ত্ৰী, বিত্তমন্ত্ৰী আৰু আৰক্ষীৰ শীৰ্ষ বিষয়াসকলক বিষয়টো অৱগত কৰিছিল। কিন্তু ট্ৰাকসমূহ জব্দ কৰি তদন্ত কৰাৰ পৰিৱৰ্তে আৰক্ষীয়ে নিৰাপত্তা দি মেঘালয়ৰ সীমান্তলৈ পাৰ কৰি দিয়াৰ ব্যৱস্থা কৰা হৈছিল বুলি অভিযোগ কৰে বিধায়কগৰাকীয়ে।

গোলাঘাটৰ আৰক্ষী অধীক্ষকক বাৰে বাৰে ট্ৰাকসমূহ জব্দ কৰি থানালৈ নিবলৈ অনুৰোধ জনোৱাৰ পিছতো সেইবোৰ মেঘালয়লৈ পাৰ কৰি দিয়াৰ কথা কোৱা হৈছিল বুলি দাবী কৰে অখিল গগৈয়ে। দেৰগাঁও থানাকে ধৰি বিভিন্ন থানাৰ আৰক্ষীয়ে ট্ৰাকসমূহক নিৰাপত্তা দি আগবঢ়াই দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ প্ৰশ্ন কৰে, অবৈধ সৰবৰাহ বন্ধ কৰাৰ দায়িত্বত থকা আৰক্ষীয়ে যদি সেই ট্ৰাকসমূহকেই নিৰাপদে সীমান্ত পাৰ কৰাই দিয়ে, তেন্তে ৰাজ্যত আইন-শৃংখলা কোনে নিয়ন্ত্ৰণ কৰিছে?

কয়লাৰ ট্ৰাকৰ পৰা সংগ্ৰহ কৰা ধন বিভিন্ন পৰ্যায়ৰ লোকৰ মাজত বিতৰণ হোৱা বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে। তেওঁৰ দাবী অনুসৰি, ৰাজ্যত ট্ৰাক প্ৰৱেশ কৰাৰ পূৰ্বৰে পৰা ধন সংগ্ৰহৰ ব্যৱস্থা চলি আছে। তলৰ পৰ্যায়ৰ পৰা ওপৰলৈকে এই ধনৰ ভাগ-বাটোৱাৰাৰ এক সংগঠিত ব্যৱস্থা গঢ় লৈ উঠিছে বুলি তেওঁ অভিযোগ কৰে। জেকি আগৰৱালা, গৌৰৱ চৌৰাচিয়া আৰু গৌৰৱ ৰাণাৰ নাম উল্লেখ কৰি পশ্চিমবংগৰ সীমান্তৰ পৰা উভতি অহা কয়লাৰ ট্ৰাকসমূহ অসমৰ মাজেৰে পাৰ কৰাই নিয়াৰ ব্যৱস্থা কৰা বুলি দাবী কৰে অখিল গগৈয়ে। লগতে অৰুণাচলৰ খাৰছাঙৰ কয়লা সৰবৰাহৰ আঁৰত কয়লা ব্যৱসায়ী নবীন সিংঘাল আৰু ৰতন শৰ্মাকে ধৰি একাংশ লোক জড়িত থকাৰো অভিযোগ উত্থাপন কৰে তেওঁ। এই ব্যৱস্থাত মন্ত্ৰী আৰু বিধায়কৰ নামো উল্লেখ কৰে অখিল গগৈয়ে।

কয়লাৰ লগতে চুপাৰিৰ অবৈধ ব্যৱসায়ক লৈও গুৰুতৰ অভিযোগ উত্থাপন কৰে বিধায়কগৰাকীয়ে। তেওঁৰ ভাষ্য অনুসৰি, বিদেশৰ পৰা অহা অবৈধ চুপাৰিৰ ট্ৰাক মাজে সময়ে আৰক্ষীয়ে জব্দ কৰে যদিও পিছত নিলামৰ জৰিয়তে সেই চুপাৰি কম দামত ক্ৰয় কৰি পুনৰ ব্যৱসায়ৰ বাবে ব্যৱহাৰ কৰা হয়। হৰেন মহন্ত নামৰ এজন ব্যৱসায়ীৰ নাম উল্লেখ কৰি অখিল গগৈয়ে অভিযোগ কৰে যে জব্দ কৰা চুপাৰি নিলামত ক্ৰয় কৰাৰ পিছত সেইবোৰ বৈধ সামগ্ৰীৰ ৰূপ দি অসমৰ মাজেৰে পুনৰ সৰবৰাহ কৰা হয়। এইদৰে জব্দ আৰু নিলামৰ ব্যৱস্থাক ব্যৱহাৰ কৰি হাজাৰ হাজাৰ ট্ৰাক চুপাৰি পাৰ কৰোৱাৰ পথ মুকলি কৰা হৈছে বুলিও দাবী কৰে তেওঁ।

অৰুণাচলৰ নামচিক, নামফুক আৰু খাৰছাঙত জব্দ কৰা কয়লাৰ নিলামক লৈও প্ৰশ্ন তোলে অখিল গগৈয়ে। এই নিলামৰ আঁৰত একাংশ ব্যৱসায়ী আৰু ৰাজনৈতিক ব্যক্তিৰ স্বাৰ্থ জড়িত থকা বুলি অভিযোগ কৰি তেওঁ ডিব্ৰুগড়ৰ ধামালগাঁও ৰে’ল ষ্টেচনৰ পৰা কয়লা সৰবৰাহৰ বাবে ৰে’লৰ ৰেকৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা চলি থকাৰ কথাও উল্লেখ কৰে। ইয়াৰ উপৰি লিডু-মাৰ্ঘেৰিটা অঞ্চলত পুনৰ অবৈধ কয়লা খনন আৰম্ভ হোৱা আৰু খাৰছাঙৰ অনুমতিপত্ৰ ব্যৱহাৰ কৰি সেই কয়লাক বৈধ ৰূপ দিয়াৰ চেষ্টা চলা বুলিও অভিযোগ কৰে বিধায়কগৰাকীয়ে।

বিত্তমন্ত্ৰী জয়ন্তমল্ল বৰুৱাকো তীব্ৰ আক্ৰমণ কৰে অখিল গগৈয়ে। তেওঁৰ অভিযোগ অনুসৰি, উজনি অসমৰ পৰা নামনি অসমলৈ যোৱা কয়লা, চুপাৰি আৰু গৰু কঢ়িওৱা ট্ৰাকৰ পৰা ধন সংগ্ৰহৰ ব্যৱস্থা মন্ত্ৰীগৰাকীৰ নেতৃত্বত চলি আছে। আনকি অসমৰ বজাৰলৈ অহা বিভিন্ন সামগ্ৰীৰ পৰাও অবৈধভাৱে ধন সংগ্ৰহ কৰা হয় বুলি তেওঁ দাবী কৰে। মিঠা তামোলৰ পৰা ফলমূললৈ, আলুৰ পৰা ৰডলৈ, মাছৰ পৰা নতুন গাড়ীলৈ প্ৰায় প্ৰতিটো সামগ্ৰীৰ পৰিবহণৰ ক্ষেত্ৰতে ছিণ্ডিকেট চক্ৰই ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বাবেই অসমৰ বজাৰত সামগ্ৰীৰ দাম আন ৰাজ্যৰ তুলনাত অধিক হোৱা বুলি মন্তব্য কৰে তেওঁ।

এই সকলো অভিযোগৰ বাবে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি অখিল গগৈয়ে তেওঁক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা দিয়ে। এজন বিধায়কে অবৈধ ট্ৰাকৰ বিষয়ে মুখ্যমন্ত্ৰীক জনোৱাৰ পিছতো যদি কোনো ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে ৰাজ্যৰ শাসন ব্যৱস্থাৰ অৱস্থা সহজেই অনুমান কৰিব পাৰি বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীলৈ বাৰ্তা প্ৰেৰণ কৰিও কোনো সঁহাৰি নোপোৱাৰ বিপৰীতে ট্ৰাকসমূহ আৰক্ষীৰ নিৰাপত্তাত সীমান্ত পাৰ হোৱা বুলি দাবী কৰি এই সমগ্ৰ ঘটনাৰ তদন্তৰ দাবী জনায় তেওঁ।

কেৱল ৰাজ্যৰ ছিণ্ডিকেটৰ অভিযোগেই নহয়, শিৱসাগৰ সমষ্টিৰ বানপীড়িত ৰাইজৰ দুৰ্দশাক লৈও সংবাদমেলত আৱেগিক হৈ পৰে বিধায়কগৰাকী। তেওঁৰ অভিযোগ, বানপানীত ঘৰ-দুৱাৰ হেৰুওৱা বহু পৰিয়ালে এতিয়াও চৰকাৰৰ পৰা প্ৰাপ্য ক্ষতিপূৰণ লাভ কৰা নাই। আনকি শীতৰ দিনতো বহু পৰিয়ালৰ এখন বিচনা আৰু এখন কম্বলৰ অভাৱ। বিধায়কগৰাকীৰ মতে, সমষ্টিটোৰ প্ৰায় ৪৫ হাজাৰ বানপীড়িত পৰিয়ালৰ ভিতৰত মাত্ৰ ১৫ হাজাৰ পৰিয়ালৰ নামহে ক্ষতিগ্ৰস্তৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। প্ৰতিটো পৰিয়ালক অতিৰিক্ত ১০ হাজাৰ টকা দিয়াৰ কথা কোৱা হৈছিল যদিও সেই প্ৰতিশ্ৰুতি সম্পূৰ্ণৰূপে কাৰ্যকৰী হোৱা নাই বুলি তেওঁ অভিযোগ কৰে।

বানপীড়িত পৰিয়ালসমূহক দহ লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ দাবী জনাই অহা বুলি উল্লেখ কৰি অখিল গগৈয়ে কয় যে এতিয়ালৈকে বহু লোকে এটকাও লাভ কৰা নাই। ৰাইজৰ দুৰ্দশা দেখি তেওঁ মানসিকভাৱে ভাগি পৰিছে বুলিও প্ৰকাশ কৰে। তেওঁৰ ভাষ্য অনুসৰি, শিৱসাগৰৰ বানপীড়িত লোকসকলৰ বাবে এখন বিচনা আৰু এখন কম্বলৰ ব্যৱস্থা কৰিবলৈও মুখ্যমন্ত্ৰীক বাৰে বাৰে অনুৰোধ জনাবলগীয়া হৈছে। তথাপি চৰকাৰৰ পৰা কোনো সঁহাৰি লাভ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে তেওঁ।

শিৱসাগৰৰ বানবিধ্বস্ত বিদ্যালয়সমূহৰ উন্নয়ন আৰু মেৰামতিৰ বাবে তেল আৰু প্ৰাকৃতিক গেছ নিগমে (ONGC) আগবঢ়োৱা ২০ কোটি টকা কিয় এতিয়াও মুকলি কৰি দিয়া হোৱা নাই বুলিও প্ৰশ্ন তোলে বিধায়কগৰাকীয়ে। তেওঁৰ মতে, এই ধন মুকলি কৰি দিলে বিদ্যালয়সমূহৰ উন্নয়ন কৰাৰ লগতে বানপীড়িত আৰু শীতাৰ্ত পৰিয়ালসমূহকো সহায় কৰিব পৰা গ’লহেঁতেন। কিন্তু চৰকাৰে এই ধন ব্যৱহাৰৰ ব্যৱস্থা নকৰাত তেওঁ অসন্তুষ্টি প্ৰকাশ কৰে।

বানপানীয়ে শিৱসাগৰৰ বাট-পথৰো ব্যাপক ক্ষতি কৰিছে। বিধায়কগৰাকীৰ অভিযোগ, ভগা পথসমূহ মেৰামতিৰ বাবে তেওঁ নিজে চেষ্টা কৰি কামৰ অনুমোদন কৰাইছিল যদিও এতিয়ালৈকে নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা নাই আৰু মেৰামতিৰ কামো আৰম্ভ হোৱা নাই। আনকি ধন মুকলি কৰি নিদিয়াৰ বাবে বহু পথৰ অৱস্থা অধিক শোচনীয় হৈ পৰিছে বুলি কয় তেওঁ। পৰিস্থিতিৰ বাবে ঠিকাদাৰক ব্যক্তিগতভাৱে অনুৰোধ জনাই পথৰ গাঁতসমূহ মেৰামতি কৰিবলৈ ক’বলগীয়া হোৱা বুলিও সংবাদমেলত উল্লেখ কৰে অখিল গগৈয়ে।

ইফালে, অসমৰ আৰ্থিক অৱস্থাক লৈও প্ৰশ্ন তোলে বিধায়কগৰাকীয়ে। ৰাজ্য চৰকাৰৰ হাতত উন্নয়নমূলক কাম-কাজৰ বাবে প্ৰয়োজনীয় ধন নাই আৰু প্ৰতিমাহে ধাৰ লৈ চৰকাৰ চলাবলগীয়া হৈছে বুলি অভিযোগ কৰে তেওঁ। বানপীড়িতৰ ক্ষতিপূৰণ, পথ মেৰামতি আৰু ONGCৰ ২০ কোটি টকা মুকলি কৰাৰ ক্ষেত্ৰত চৰকাৰৰ অক্ষমতাৰ কথা উল্লেখ কৰি তেওঁ প্ৰশ্ন কৰে, চৰকাৰৰ হাতত যদি এই কামবোৰৰ বাবে ধন নাই, তেন্তে ৰাজ্যত ছিণ্ডিকেটৰ ব্যৱসায় কেনেকৈ অব্যাহত আছে? কেন্দ্ৰীয় চৰকাৰৰ সৈতে ৰাজ্য চৰকাৰৰ সম্পৰ্কৰ অৱনতি ঘটাৰ ফলত বান সাহায্যকে ধৰি বিভিন্ন ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱা বুলিও দাবী কৰে অখিল গগৈয়ে।

সংবাদমেলৰ শেষত কয়লা ব্যৱসায়ী নবীন সিংঘালৰ ভূমিকা সন্দৰ্ভতো তদন্তৰ দাবী জনায় বিধায়কগৰাকীয়ে। কয়লাৰ ব্যৱসায়, ধনৰ লেনদেন আৰু পৰিবহণৰ সমগ্ৰ ব্যৱস্থাটোৰ আঁৰত কোন কোন জড়িত, সেই বিষয়ে নিৰপেক্ষ অনুসন্ধান হোৱাটো প্ৰয়োজনীয় বুলি তেওঁ মন্তব্য কৰে। ৰাজ্যৰ ছিণ্ডিকেটৰাজ, অবৈধ ধন সংগ্ৰহ আৰু আৰক্ষী-প্ৰশাসনৰ ভূমিকাৰ বিষয়ে প্ৰধানমন্ত্ৰীক এখন বিস্তৃত স্মাৰক-পত্ৰ প্ৰেৰণ কৰাৰ বাবেও প্ৰস্তুতি চলাই থকা বুলি জানিবলৈ দিয়ে তেওঁ।

এফালে ৰাজ্যত কয়লা আৰু চুপাৰিৰ অবৈধ সৰবৰাহক লৈ চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ, আনফালে বানত সৰ্বস্বান্ত হোৱা পৰিয়ালৰ ক্ষতিপূৰণ আৰু ন্যূনতম সাহায্যৰ বাবে এজন বিধায়কৰ বাৰে বাৰে চৰকাৰৰ দুৱাৰত আবেদন – অখিল গগৈৰ সংবাদমেলত এই দুয়োটা বিষয়েই বিশেষভাৱে উত্থাপিত হয়। অৱশ্যে বিধায়কগৰাকীয়ে উত্থাপন কৰা অভিযোগসমূহৰ সত্যতা তদন্তৰ জৰিয়তেহে স্পষ্ট হ’ব। এতিয়া প্ৰশ্ন হৈছে, কয়লাৰ অবৈধ সৰবৰাহ আৰু ছিণ্ডিকেটৰ অভিযোগৰ বিষয়ে চৰকাৰে কি উত্তৰ দিয়ে? লগতে বানত ক্ষতিগ্ৰস্ত শিৱসাগৰৰ পৰিয়ালসমূহে প্ৰাপ্য সাহায্য কেতিয়া লাভ কৰিব?

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

November 13, 2026 6:55 pm
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰেভেলাৰ-কণ্টেইনাৰ ট্ৰাকৰ মুখামুখি সংঘৰ্ষ, ২৩ জনতকৈ অধিক লোকৰ মৃত্যু

November 13, 2026 5:14 pm
জাগীৰোডত মৃত অৱস্থাত উদ্ধাৰ বনৰীয়া হাতী! মূৰত দুটাকৈ গুলীৰ চিন

জাগীৰোডত মৃত অৱস্থাত উদ্ধাৰ বনৰীয়া হাতী! মূৰত দুটাকৈ গুলীৰ চিন

November 13, 2026 3:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

অসম এতিয়া আৰক্ষীৰ নহয়, ছিণ্ডিকেট-মাফিয়াৰহে নিয়ন্ত্ৰণত! মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা অখিল গগৈৰ

November 13, 2026 8:04 pm
জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

জাকিৰ নায়েকৰ সংস্থা ‘ইছলামিক ৰিছাৰ্চ ফাউণ্ডেচন’ৰ বিৰুদ্ধে কেন্দ্ৰৰ পুনৰ কঠোৰ পদক্ষেপ! আৰু ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা

November 13, 2026 6:55 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd