NORTHEAST NOW (Assamese)
অসম

নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ, স্বাস্থ্য মন্ত্ৰীৰ জৰুৰী বৈঠক

Posted by:  ৰিদিপ শৰ্মা Updated by:  ৰিদিপ শৰ্মা May 29, 2021 7:44 pm
np

নগাঁও জিলাৰ চাহ বাগিচা অঞ্চলত ক’ভিডৰ ভয়াৱহ সংক্ৰমণ ঘটিছে। ইতিমধ্যে বাগিচা অঞ্চলৰ বহু লোক কোভিডত আক্ৰান্ত হৈছে। এনে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শনিবাৰে কলিয়াবৰত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত অনুষ্ঠিত হয় এখন জৰুৰী বৈঠক ।

ক’ভিড-১৯ ৰ ভয়াৱহ সংক্ৰমণৰ ফলত চাহ বাগিচা সমূহত এক আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে ।
জিলাখনৰ মুঠ ২৩ খন চাহ বাগিচাৰ পৰিচালক¸নগাঁও জিলা স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক¸ বিষয়া কৰ্মচাৰী¸নগাঁও সদৰ¸ৰহা¸চামগুৰি¸কলিয়াবৰৰ স্বাস্থ্য বিভাগ¸প্ৰশাসনৰে ক’ভিড পৰিস্থিতি পৰ্যালোচনা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।

জিলাখনত থকা মুঠ ২৩ খন বাগিচাত ৫০১ জন লোক আক্ৰান্ত হোৱাৰ বিপৰীতে ২৫৫ জন সুস্থ হৈছে আৰু ২৪৫ জন চিকিৎসাধীন হৈ আছে আৰু এজনৰ মৃত্যু হৈছে।

এনে পৰিস্থিতিত চাহ বাগিচা সমূহত ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে মিছা প’ল ক্লাৱত এই বিশেষ বৈঠকত মিলিত হয় স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত।

ক’ভিডৰ তৃতীয় ঢৌত যাতে শিশুসকলক সুৰক্ষিত ভাবে ৰাখিব পাৰি তাৰ বাবে শিশু আই চি ইউ বিচনাৰ ব্যৱস্থা কৰা হ’ব বুলি জনায় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে।