NORTHEAST NOW (Assamese)
অসম

গোৱালপাৰাৰ মাজ জাখিলীত কেন্দ্ৰীয়ভাৱে আয়োজন ৫০৯ সংখ্যক ‘চিলাৰায় দিৱস’

Posted by: নীলমণি শৰ্মা February 19, 2019 10:30 am
Chilaray Diwas

আজি মহাবীৰ চিলাৰায়ৰ ৫০৯ সংখ্যক জয়ন্তী।  অসমৰ বিভিন্ন প্ৰান্তত মহাবীৰগৰাকীৰ জয়ন্তী উদয়াপনৰ আয়োজন কৰাৰ সমান্তৰালকৈ গোৱালপাৰা জিলাৰ মাজ জাখিলীত সোমবাৰৰ পৰা দুদিনীয়া কাৰ্য্যক্ৰমনিকাৰে অনুষ্ঠিত হৈ আছে কেন্দ্ৰীয়  মহাবীৰ চিলাৰায় দিৱস আৰু জিলা আক্ৰাছুৰ বাৰ্ষিক সাধাৰণ সভা।

সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ সৌজন্যত জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা, কোচ ৰাজবংশী মহিলা সমিতি আৰু চিলাৰায় সেনাৰ সহযোগত অনুষ্ঠিত বীৰ চিলাৰায় দিৱসৰ কাৰ্যসূচী সোমবাৰে বিয়লি মূল তোৰণ আৰু প্ৰতিনিধি শিবিৰ উদ্বোধনেৰে শুভাৰম্ভণি কৰা হয়।

ইফালে কেন্দ্ৰীয় চিলাৰায় দিৱসৰ আজি দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ লগতে দিনৰ ১২ বজাত অনুষ্ঠিত হ’ব মুকলি সভা। মুকলি সভাত মুখ্য অতিথি হিচাবে অসম সাহিত্য সভাৰ সভাপতি ড০ পৰমানন্দ ৰাজবংশী আৰু বিশিষ্ট অতিথি হিচাবে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু ৰাভা হাছং স্বায়ত্ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী টংকেশ্বৰ ৰাভা উপস্থিত থাকিব।

মুকলি সভাখনত কোচ ৰাজবংশী লোক সকলৰ বিভিন্ন জাতীয় সমস্যা সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি আয়োজকে জানিবলৈ দিয়ে।