NORTHEAST NOW (Assamese)
Popular Stories

Adani-Sri Lanka row: “আদানীক দেশত সোমাবলৈ দিয়া নহ’ব”-ভাৰতীয় পুজিপতিৰ বিৰুদ্ধে হুংকাৰ শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 17, 2022 7:13 am

অৰ্থনৈতিক সংকটে দিশহাৰা কৰি তোলা শ্ৰীলংকাৰ বিক্ষুব্ধ জনতাই ভাৰতীয় পুজিপতি গৌতম আদানীৰ বিৰুদ্ধে হুংকাৰ দিছে। দ্বীপৰাষ্ট্ৰ খনত বৰ্তমান চৰ্চিত শীৰ্ষ খবৰৰ ভিতৰত আদানীৰ খবৰটোৱেই বিশেষ খবৰ হিচাবে চৰ্চাত আছে।

কিন্তু আদানীৰ বিৰুদ্ধে কিয় এনেদৰে জাগ্ৰত হৈছে শ্ৰীলংকাৰ জনতা? শ্ৰীলংকাৰ জনতাই বৃহস্পতিবাৰে ছ’চিয়েল মিডিয়াত কৰা অভিযোগ অনুসৰি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দ্বীপ ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি গোটাবায়া ৰাজপাক্ষেক দেশ খনত  এটা শক্তি প্ৰকল্প স্থাপনৰ বাবে হেঁচা দিছে।

সেই শক্তি প্ৰকল্পটো নিৰ্মাণৰ দায়িত্ব দিব বিচৰা হৈছে উদ্যোগপতি গৌতম আদানিৰ কোম্পানীক। কিন্তু শ্ৰীলংকাৰ সাধাৰণ জনতাই গৌতম আদানীৰ প্ৰৱেশ মুঠেও মানি ল’ব বিচৰা নাই। সেয়ে দেশখনত “গণ প্ৰতিবাদ”ৰ পৰিকল্পনা কৰা হৈছে  ছ’চিয়েল মিডিয়াত। “ষ্টপ আদানি” হেছটেগেৰে বহুতে আদানীৰ দ্বীপ ৰাষ্ট্ৰ খনত প্ৰৱেশৰ বিৰোধিতা কৰিছে।

ছ’টিয়েল মিডিয়াত আদানীৰ বিৰুদ্ধে প্ৰতিবাদ জনাবলৈ সকলোকে আহ্বান জনোৱা হৈছে। ইতিমধ্যে ইয়াকে লৈ প্ৰবল জাগৰণৰো সৃষ্টি হৈছে।

উল্লেখ্য যে শ্ৰীলংকাৰ চিলন ইলেকট্ৰিচিটি ব’ৰ্ডৰ (চিইবি) অধ্যক্ষ ফাৰ্ডিনাণ্ডোৱে সংসদীয় পেনেলক কৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে বায়ু শক্তি প্ৰকল্পটো পোনপটীয়াকৈ আদানি গ্ৰুপক দিবলৈ হেঁচা দি আহিছে। ৰাষ্ট্ৰপতি ৰাজপাক্ষেই মোদীৰ দাবীটো স্বীকাৰ কৰা নাই বুলিও তেওঁ কৈছে।

শ্ৰীলংকাৰ  মান্নাৰ জিলাত ৫০০ মেগাৱাটৰ বায়ু শক্তি প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ পৰা লংকা চৰকাৰলৈ এক প্ৰস্তাব প্ৰেৰণ কৰা হৈছিল। কিন্তু গৌতম আদানীৰ পূৰ্বৰ কীৰ্তি-কৰ্মকলৈ মুঠেও সন্তুষ্ট নোহোৱা শ্ৰীলংকাৰ জনতাই আদানীক মুঠেও দেশখনত প্ৰৱেশ কৰিবলৈ দিব বিচৰা নাই।