NORTHEAST NOW (Assamese)
Popular Stories

কাইলৈ অসমত ঘোষণা হ’ব উপ-নিৰ্বাচনৰ ফলাফল! নিৰ্ধাৰণ হ’ব ৫ বিধানসভা সমষ্টিৰ ৩৪জন প্ৰাৰ্থীৰ

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী November 22, 2024 6:46 pm

কাইলৈ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’বলগীয়া ৫ সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনা লৈ ব্যাপক জল্পনাৰ সৃষ্টি হৈছে। মুঠ ৩৪ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৫ সমষ্টিৰ পৰা মাত্ৰ ৫ গৰাকী জয়ী নিৰ্বাচিত হ’ব। এই ভোটগণনা বঙাইগাঁও, চিদলী, বিহালী, চামগুৰি আৰু ধলাই সমষ্টিৰ হ’ব৷

বঙাইগাঁও সমষ্টিত মূল যুঁজ AGPৰ দীপ্তিময়ী চৌধুৰী আৰু কংগ্ৰেছৰ ব্ৰজেনজিৎ সিনহাৰ মাজত হ’ব, চিদলী সমষ্টিত UPPLৰ নিৰ্মল কুমাৰ ব্ৰক্ষ্ম আৰু BPFৰ শুদ্ধ কুমাৰ বসুমতাৰী মাজত, আৰু বিহালী সমষ্টিত BJPৰ দিগন্ত ঘাটোৱাল আৰু কংগ্ৰেছৰ জয়ন্ত বৰাৰ মাজত হ’ব। চামগুৰিত BJPৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছৰ তানজিল হুছেইনৰ মাজত আকৰ্ষণীয় প্ৰতিদ্বন্দ্বিতা দেখা যাব৷

ধলাই সমষ্টিত BJPৰ নীহাৰ ৰঞ্জন দাস আৰু কংগ্ৰেছৰ ধ্ৰুৱজ্যোতি পুৰুকায়স্থৰ মাজত মূল যুঁজ চলিব।