NORTHEAST NOW (Assamese)
অসম

দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰা কৃষি আইন বাতিলৰ দাবীত নগাঁৱত কৃষকৰ বিক্ষোভ

Posted by: মুৰুলী বৰুৱা Updated by: মুৰুলী বৰুৱা December 14, 2020 9:51 pm
farmersprotests

বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ কৃষক বিৰোধী তিনিওখন ক’লা কৃষি আইন আৰু বিদ্যুত বিল ২০২০ বাতিলৰ দাবীত আজি নিখিল ভাৰত কৃষক সভা, অসম ৰাজ্যিক কৃষক সভা, সদৌ অসম কৃষক পঞ্চায়তৰ উদ্যোগত কৃষক সকলে কৃষক বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।

বিক্ষোভকাৰী সকলে আইন কেইখন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে।

কৃষক সংগঠন কেইটাৰ সদস্য সকলে আন্দোলনৰত কৃষকৰ ওপৰত ৰাষ্ট্ৰৰ দমন বন্ধ কৰক, কৃষক বিৰোধী কৃষি আইন বাতিল কৰক, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, বিজেপি চৰকাৰ হুছিয়াৰ আদি বিভিন্ন শ্ল’গান দি ৰাজপথ উত্তাল কৰি তোলে।

দিল্লীত কৃষক বিদ্ৰোহৰ প্ৰতি সংহতি প্ৰকাশ কৰি সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থা, কৃষক গৰীব ন্যায় সন্থা, ধিং দূৰ্নীতিবিৰোধী সংস্থাই কৃষক বিৰোধী আইন বাতিলৰ দাবীত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰে।