NORTHEAST NOW (Assamese)
অসম

বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাৰ বিজেপিত যোগদান

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ December 14, 2020 9:16 pm

বিটিচি নিৰ্বাচনত কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদানৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই।

আজি এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে সিনহাই কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰে বুলি কয়।

সদ্য সমাপ্ত বিটিচি নিৰ্বাচনত বিপিএফে ১৭ খন, য়ুপিপিএলে ১২ খন, বিজেপিয়ে ৯ খন, গণ সুৰক্ষা পাৰ্টিয়ে এখন আৰু কংগ্ৰেছে এখন আসন দখল কৰিছিল।

কংগ্ৰেছৰ একমাত্ৰ বিজয়ী প্ৰাৰ্থী সুজল সিনহাই বিজেপিত যোগদান কৰাৰ পাছতে স্বাভাৱিকতে কংগ্ৰেছ দলটো অশ্বস্তিত পৰিব।

আনহাতে, সংবাদমেলত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অতি শীঘ্ৰে বিপিএফ দলৰো ৫-৬ জন বিজয়ী প্ৰাৰ্থীয়ে বিজেপিত যোগদান কৰিব বুলি উল্লেখ কৰে।

উল্লেখযোগ্য যে, বিটিচি নিৰ্বাচনৰ ফলাফল ঘোষণা কৰাৰ পাছতে গুৱাহাটীত বিজেপি, য়ুপিপিএল আৰু গণ সুৰক্ষা পাৰ্টিয়ে বৈঠকত অংশগ্ৰহণ কৰে আৰু বিটিচিত সন্মিলিতভাৱে চৰকাৰ গঠন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে য়ুপিপিএলৰ অধ্যক্ষ প্ৰমোদ বড়োক বিটিচিৰ নতুন চীফ হ’ব বুলি ঘোষণা কৰে।

কাইলৈ কোকৰাঝাৰত প্ৰমোদ বড়োৱে আনুষ্ঠানিকভাৱে বিটিচিৰ চীফ হিচাপে শপত গ্ৰহণ কৰিব।

বিটিচিৰ অতিৰিক্ত মুখ্য সচিৱে শপত গ্ৰহণ অনুষ্ঠানৰ বাবে বিটিচিত কাইলৈ স্থানীয় বন্ধ ঘোষণা কৰিছে।