NORTHEAST NOW (Assamese)
অসম

চেক গণৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাত জিলিকিল অসমৰ হৃদয় হাজৰিকা

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ May 5, 2019 8:15 am
Hridoy Hazarika

জুনিয়ৰ শাখাৰ বিভিন্ন প্ৰতিযোগিতা সমূহত উৎকৃষ্ট প্ৰদৰ্শন দেখাই অহাৰ পিছত অসমৰ উদীয়মান যুৱ শ্বুটাৰ হৃদয় হাজৰিকাই ৪ মে’ শনিবাৰে চেক গণৰাজ্যত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্বুটিং প্ৰতিযোগিতাৰ ছিনিয়ৰ শাখাৰ ব্ৰঞ্জৰ পদক অধিকাৰ কৰিবলৈ সক্ষম হয়।

চেক গণৰাজ্যৰ পিলজেনত অনুষ্ঠিত ৫০ সংখ্যক গ্ৰাঁ প্ৰি’ত ব্ৰঞ্জৰ পদক লাভ কৰা হৃদয়ে প্ৰতিযোগিতাখনৰ প্ৰাৰম্ভিক খেলত ৬২৭.২ পইণ্ট লাভ কৰাৰ বিপৰীতে ফাইনেলত ২২৮.২ পইণ্টত লাভ কৰে।

উল্লেখযোগ্য যে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে ২০২০ চনৰ টকিঅ’ অলিম্পিকৰ প্ৰতি লক্ষ্য ৰাখি গঠন কৰা টাৰ্গেট অলিম্পিক প’ডিয়াম আঁচনিত ইতিমধ্যে দেশৰ ১১ গৰাকী শ্বুটাৰৰ ভিতৰত অসমৰ প্ৰতিভাৱান শ্বুটাৰ হৃদয় হাজৰিকাই স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

জানিব পৰা মতে হৃদয়ে অহা সপ্তাহত জাৰ্মানীত আন এখন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব।