NORTHEAST NOW (Assamese)
অসম

চৰণ নাৰ্জাৰীৰ মৃত্যু আমাৰ সমাজ তথা ৰাজনৈতিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি : সোণোৱাল

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ July 23, 2019 7:10 pm
charan-narzary-1140x570

প্ৰাক্তন সাংসদ, বিধায়ক তথা পি টি চি এৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চৰণ নাৰ্জাৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

এক শোকবাৰ্তাত মুখ্য মন্ত্ৰীয়ে কয় যে জীৱনকালত প্ৰয়াত চৰণ নাৰ্জাৰীয়ে ৰাজ্যখনৰ ভৈয়াম জনজাতি জনসাধাৰণৰ আৰ্থ-সামাজিক উত্তৰণৰ দিশত যি বলিষ্ঠ অৱদান আগবঢ়াই গৈছে সেয়া ৰাজ্যখনৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব।

লগতে পঢ়ক প্ৰাক্তন সাংসদ, বিধায়ক তথা পিটিচিএৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক চৰণ নাৰ্জাৰীৰ দেহাৱসান

তেওঁ আৰু কয়, ‘নাৰ্জাৰীয়ে প্লেইনছ ত্ৰাইবেল কাউন্সিল অৱ আসামৰ প্ৰতিষ্ঠাপক সম্পাদক হিচাপে নিষ্ঠা সহকাৰে কৰ্তব্য সম্পাদন কৰি ভৈয়াম জনজাতিসকলৰ ৰাজনৈতিক উত্তৰণৰ দিশত যখেষ্ট অৱদান আগবঢ়াই গৈছে।’

‘এগৰাকী সাহিত্যিক হিচাপেও তেখেতে সাহিত্য জগতলৈ অৰিহণা আগবঢ়াই গৈছে’ বুলি উল্লেখ কৰি তেওঁ কয় যে চৰণ নাৰ্জাৰীৰ বিয়োগ অসমৰ সমাজ তথা ৰাজনৈতিক জীৱনৰ বাবে অপূৰণীয় ক্ষতি।

উল্লেখযোগ্য যে আজি গুৱাহাটীৰ ডাউন টাউন হাস্পাতলত পুৱা প্ৰায় ৪.৩০ বজাত নাৰ্জাৰীৰ পৰলোকপ্ৰাপ্তি ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮৭ বছৰ।